অসম

assam

ETV Bharat / state

ফাকুৱাৰ দুটাকৈ দিনত ৰাজ্যত 279 টাকৈ পথ দুৰ্ঘটনা - দুৰ্ঘটনা

ফাকুৱাৰ উলহ-মালহ পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হৈছে মুঠ 279 টাকৈ পথ দুৰ্ঘটনা । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

many-accident-happened-during-holi
ফাকুৱাৰ দুটাকৈ দিনত ৰাজ্যত 279 টাকৈ পথ দুৰ্ঘটনা

By

Published : Mar 30, 2021, 8:58 PM IST

গুৱাহাটী,30 মাৰ্চ: ৰঙৰ উৎসৱ ফাকুৱাৰ উলহ-মালহ পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হয় মুঠ 279 টাকৈ পথ দুৰ্ঘটনা । ফাকুৱাৰ দুটা দিনত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যুঞ্জয়-108ৰ যোগেদি সেৱা আগবঢ়োৱা হয় । মৃত্যুঞ্জয়-108ৰ কৰ্তৃপক্ষই জনোৱা মতে, 128 মাৰ্চৰ দিনা 101 টা আৰু 29 মাৰ্চ দিনা 178 টা পথ দুৰ্ঘটনা ৰাজ্যখনত সংঘটিত হয় আৰু এইক্ষেত্ৰত তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । তথ্য মতে, বিগত দুটা দিনত কামৰূপ গ্ৰাম্য জিলাত সৰ্বাধিক 27 টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

ফাকুৱাৰ দুটাকৈ দিনত ৰাজ্যত 279 টাকৈ পথ দুৰ্ঘটনা

28 মাৰ্চত কামৰূপ গ্ৰাম্যত 15 টা, বৰপেটাত 7 টা, শোণিতপুৰত 7 টা, ওদালগুৰিত 5 টা, কামৰূপ মহানগৰত 8 টা, কাছাৰত 5 টা, হাইলাকান্দিত এটা, নগাঁৱত 4 টা, ধেমাজিত 3 টা, গোলাঘাটত 5 টা, দৰঙত 3 টা, গোৱালপাৰাত 4 টা, মৰিগাঁৱত 4 টা, বাক্সাত এটা, যোৰহাটত 4 টা, বঙাইগাঁৱত 5 টা, ধুবুৰীত 3 টা, তিনিচুকীয়াত 3 টা, কোকৰাঝাৰত 4 টা, নলবাৰীত 3 টা, ডিব্ৰুগড়ত 3 টা, কৰিমগঞ্জত এটা, মাজুলী এটা, চিৰাঙত এটা, কাৰ্বি-আংলঙত এটা আৰু শিৱস‍াগৰত এটাসহ মুঠ 101 টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

আনহাতে, 29 মাৰ্চত কামৰূপ গ্ৰাম্যত 12 টা, বৰপেটাত 13 টা, শোণিতপুৰত 12 টা, ওদালগুৰিত 14 টা, কামৰূপ মহানগৰত 10 টা, কাছাৰত 12 টা, হাইলাকান্দিত 14 টা, নগাঁৱত 9 টা, ধেমাজিত 9 টা, গোলাঘাটত 7 টা, দৰঙত 8 টা, গোৱালপাৰাত 7 টা, মৰিগাঁৱত 7 টা, বাক্সাত 8 টা, যোৰহাটত 5 টা, বঙাইগাঁৱত 3 টা, ধুবুৰীত 5 টা, তিনিচুকীয়াত 5 টা, কোকৰাঝাৰত 3 টা, নলবাৰীত 3 টা, ডিব্ৰুগড়ত 2 টা, কৰিমগঞ্জত 3 টা, মাজুলীত 3 টা, চিৰাঙত এটা, কাৰ্বি-আংলঙত এটা আৰু লখিমপুৰত দুটাসহ মুঠ 178 টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

উল্লেখ যে, ফাকুৱাৰ দুয়োটা যথেষ্ট সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ মৃত্যুঞ্জয়-108ৰ তথ্যৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক :জিতু গোস্বামীয়ে দিলে টকা লওঁক, ভোট নিদিব: মুকুল বৰা

ABOUT THE AUTHOR

...view details