গুৱাহাটী, 2 এপ্ৰিল:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিলেহে কংগ্ৰেছে সন্তুষ্টি লাভ কৰিব । এই মন্তব্য কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ মনীষ তিৱাৰীৰ । কংগ্ৰেছৰ মিত্ৰদল বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ভয়-ভাবুকি প্ৰদান কৰা ঘটনা সন্দৰ্ভত কংগ্ৰেছে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।
কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৃহস্পতিবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত আয়োজন কৰা এখন সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ তিৱাৰীয়ে কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে যদিও কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ডাঙৰ কথা । গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক কথা যে, নিৰ্বাচন চলি থকা সময়তে এটা দলৰ এজন প্ৰাৰ্থীক ভয়-ভাবুকি প্ৰদৰ্শন কৰি নাইবা প্ৰলোভন দি আন এটা দলে নোহোৱা কৰি ৰাখিছে ।