গুৱাহাটী,২৮ আগষ্ট :পুনৰ গুৱাহাটী মহানগীৰত নৃশংস ঘটনা । পৰকীয়া প্ৰেমৰ বাবেই বৰাগাঁৱৰ এটা পৰিয়ালত অমানিশা নামি আহিল । প্ৰথমে প্ৰেমিকাক হত্যা আৰু প্ৰেমিকাৰ ঘৰতে আত্মহত্যা এজন লোকৰ । জানিব পৰা মতে নিৰঞ্জন গোঁহাই নামৰ এজন লোকৰ পৰিয়ালটোৰ মহিলাগৰাকীৰ সৈতে অবৈধ প্ৰেম আছিল । প্ৰায় ৩ বছৰ পূৰ্বে দুয়ো চিনাকি হৈছিল আৰু তাৰ পাছত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ।
প্ৰেমত মতলীয়া হৈ নিৰঞ্জন গোঁহাই আৰু মহিলাগৰাকীয়ে তেওঁৰ স্বামীক আক্ৰমণ কৰিছিল । এই ঘটনা ৩ মাহ পূৰ্বৰ । তেওঁলোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল মহিলাগৰাকীৰ স্বামী । তাৰ পাছত স্বামীক এৰি মহিলাগৰাকী নিৰঞ্জনৰ লগত পলাই গৈছিল ।
স্থানীয় লোকে জনোৱা মতে কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে নিৰঞ্জনক এৰি পুনৰ স্বামীৰ ওচৰলৈ আহিছিল । মহিলাগৰাকীৰ এনে আচৰণত অতিষ্ঠ হৈছিল নিৰঞ্জন । যাৰ বাবে দেওবাৰে নিশা নিৰঞ্জনে মহিলাগৰাকীৰ ঘৰলৈ আহে । প্ৰথমে ঘৰৰ পোহনীয়া কুকুৰটোক মৰিয়াই মৰিয়াই হত্যা কৰে । পাছত শোৱাপাটীত থকা মহিলাগৰাকীৰ স্বামীক উপৰ্যুপৰি আক্ৰমণ কৰে । স্বামীক আক্ৰমণ কৰা দেখি মহিলাগৰাকীয়ে বাধা প্ৰদান কৰে ।