মালিগাঁৱত স্বামীৰ হত্যা অভিযোগত গ্ৰেপ্তাৰ পত্নী - অসম নিউজ
জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৬৪৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । গৌবিন্দৰ পৰিয়ালৰ অভিযোগ,পত্নী শীলা দাসৰ আছিল অন্য যুৱকৰে প্ৰেমৰ সম্পৰ্ক । যাৰ বাবে প্ৰতিদিনেই কাজিয়াত লিপ্ত হৈছিল দম্পতী হাল ৷ পত্নীৰ এই কাৰ্য মুঠেও সহ্য কৰিব পৰা নাছিল গৌবিন্দই
গুৱাহাটী, 3 মে': বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হৈছিল এটা অৰ্ধগলিত মৃতদেহ । হাত ভৰি বন্ধা অৱস্থাত প্ৰস্ৰাৱগাৰত উদ্ধাৰ হৈছিল গৌবিন্দ দাস নামৰ এজন ব্যক্তিৰ মৃতদেহ । গৌবিন্দৰ পৰিয়ালৰ অভিযোগ মতে পত্নী শীলা দাসে পৰিকল্পিতভাৱে হত্যা কৰিছে স্বামীক । জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৬৪৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । গৌবিন্দৰ পৰিয়ালৰ অভিযোগ,পত্নী শীলা দাসৰ আছিল অন্য যুৱকৰে প্ৰেমৰ সম্পৰ্ক । যাৰ বাবে প্ৰতিদিনেই কাজিয়াত লিপ্ত হৈছিল দম্পতী হাল ৷ পত্নীৰ এই কাৰ্য মুঠেও সহ্য কৰিব পৰা নাছিল গৌবিন্দই । যাৰ পৰিণতিত মৃত্যুক সাৱতিবলগীয়া হয় গৌবিন্দই । গৌবিন্দৰ হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পত্নী শীলা দাসক । আৰক্ষীৰ সন্দেহ শীলা আৰু তেওঁৰ আন সহযোগীয়ে মিলি হত্যা কৰিছে স্বামীক । সম্প্ৰতি আন অভিযুক্তক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।