অসম

assam

ETV Bharat / state

এইবাৰ মাজুলীৰ উপ নিৰ্বাচন : অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব কোন ? - ৰাজীৱ লোচন পেগু

সামৰণি পৰিল ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন । ২ নৱেম্বৰত ঘোষণা কৰা হ’ব এই পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল । এটা সমষ্টিৰ উপ নিৰ্বাচন এতিয়াও বাকী । সাংবিধানিক বিধি অনুসৰি, ২০২২ ৰ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব মাজুলীৰ উপ নিৰ্বাচন ৷

এইবাৰ মাজুলীৰ উপ নিৰ্বাচন
এইবাৰ মাজুলীৰ উপ নিৰ্বাচন

By

Published : Oct 31, 2021, 2:27 PM IST

Updated : Oct 31, 2021, 6:15 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : ৰাজনৈতিক দলসমূহৰ অভিযোগ-প্ৰতি অভিযোগ, গালি-গালাজ, গুৱাল গালি, আক্ৰমণ-প্ৰত্যাক্ৰমণ এই সকলো বিলাকৰ মাজেৰে সামৰণি পৰিল ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন । ২ নৱেম্বৰত ঘোষণা কৰা হ’ব এই পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল । খেল পিছে ইমানতে শেষ হোৱা নাই । এটা সমষ্টিৰ উপ নিৰ্বাচন এতিয়াও বাকী । সাংবিধানিক বিধি অনুসৰি, ২০২২ ৰ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব লাগিব মাজুলীৰ উপ নিৰ্বাচন ৷

মাজুলীৰ উপ নিৰ্বাচনত লুৰিণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা

ইতিমধ্যে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰে হোৱা বুজাবুজি মৰ্মে মাজুলীৰ আসনখন কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিছে । এক কথাত মাজুলীৰ উপ নিৰ্বাচনত পোনপটীয়া যুঁজখন বিজেপি আৰু অসম জাতীয় পৰিষদৰ মাজতে সীমাৱদ্ধ থকাৰ পূৰ্ণ সম্ভাৱনা আছে । সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী মাজুলীত কোন হ’ব, তাকে লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, মাজুলীত কংগ্ৰেছ-অসম জাতীয় পৰিষদ মিত্ৰজোটৰ প্ৰাৰ্থী হিচাপে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ চৰ্চা চলিছে । কিন্তু মাজুলী যিহেতু সংৰক্ষিতসমষ্টি গতিকে তাত এজন জনজাতীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা অধিক ৷

আনহাতে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকা ৰাজীৱ লোচন পেগুৱে বিজেপিত যোগ দি দলটোৰ প্ৰাৰ্থী হিচাপে মাজুলীৰ উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি ।

লগতে চাওক:অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

Last Updated : Oct 31, 2021, 6:15 PM IST

ABOUT THE AUTHOR

...view details