অসম

assam

ETV Bharat / state

আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে - অসম আন্দোলন সংগ্ৰামী মঞ্চ

প্ৰাক্তন মুখ্য়মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন 'অসম আন্দোলন সংগ্ৰামী মঞ্চ'ই অহা ২৪ জানুৱাৰীত গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰিছিল এখন ৰাজনৈতিক অভিবৰ্তনৰ । অভিবৰ্তনতে "কা" বিৰোধী শক্তিসমূহ একত্ৰিত কৰি মহন্তৰ নেতৃত্বত এটা নতুন আঞ্চলিক দল গঠন হ'ব বুলি চৰ্চা চলিছিল বিভিন্ন মহলত । কিন্তু ৰাজ্য় চৰকাৰে এই অভিবৰ্তনৰ বাবে বাতিল‌ কৰিলে অনুমতি ৰাজ্য চৰকাৰে ।

আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে
আকৌ এবাৰ মুখথেকেচা মহন্তৰ: অভিবৰ্তনৰ অনুমতি নিদিলে চৰকাৰে

By

Published : Jan 21, 2021, 7:28 PM IST

গুৱাহাটী, ২১ জানুৱাৰী :একালৰ বৃন্দাবন, একালত পৰে চন । এই আপ্তবাক্যশাৰী যেন এতিয়া আখৰে আখৰে মিলি গৈছে এসময়ৰ দুৰ্দান্ত প্ৰতাপী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত । দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা মহন্ত আজি নিজে গঢ়া দলৰ মজিয়াতে এলাগী ।

নিজা সমষ্টি বঢ়মপুৰৰ পৰা আগন্তুক নিৰ্বাচনত অগপৰ প্ৰাৰ্থিত্ব পুনৰ পাব নে নাপাই তাকে লৈও সৃষ্টি হৈছে অনিশ্চয়তা । এই সকলো বিলাকৰ মাজত দলীয় নেতৃত্বক বিমোৰত পেলাবলৈ সভাপতি অতুল বৰা নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনৰ বৈধতাৰ প্ৰশ্ন তুলি মহন্ত বাহিনীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল । কিন্তু বুধবাৰে ন্যায়ালয়ে মহন্ত বাহিনীক সম্পূৰ্ণ বিমুখ কৰি আগন্তুক তিনি বছৰলৈ অতুল বৰা নেতৃত্বাধীন সমিতিয়েই বাহাল থাকিব বুলি ৰায় দিয়ে ।

মহন্ত বাহিনীয়ে ন্যায়ালয়ত এইদৰে প্ৰথমটো মুখথেকেচা খোৱাৰ পিছত পুনৰ খালে দ্বিতীয়টো মুখথেকেচা । মহন্তৰ নেতৃত্বাধীন 'অসম আন্দোলন সংগ্ৰামী মঞ্চ'ই অহা ২৪ জানুৱাৰীত গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰিছিল এখন ৰাজনৈতিক অভিবৰ্তন । সেই অভিবৰ্তনতে "কা" বিৰোধী শক্তিসমূহ একত্ৰিত কৰি মহন্তৰ নেতৃত্বত এটা নতুন আঞ্চলিক দল গঠন হ'ব বুলি চৰ্চা চলিছিল বিভিন্ন মহলত ।

কিন্ত এই কথাৰ উমান দিছপুৰে আগতীয়াকৈ লাভ কৰিলে । ফলত উক্ত অভিবৰ্তনৰ অনুমতি ৰাজ্য চৰকাৰে শেহতীয়াকৈ বাতিল‌ কৰিলে । বুধবাৰে ন্যায়ালয়ত মুখথেকেচা খোৱাৰ পিছত এয়া যেন মহন্তৰ বাবে হ'ল দ্বিতীয়টো পৰাজয় । অৱশ্য়ে অভিবৰ্তনৰ অনুমতি বাতিলৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক :বোকাজান আৰক্ষীৰ জালত পিষ্টল সহ দুই যুৱক

ABOUT THE AUTHOR

...view details