অসম

assam

ETV Bharat / state

খিলঞ্জীয়াক উচ্ছেদ কৰি মাটিৰ ছিণ্ডিকেট চলাইছে হিমন্ত আৰু আজমলে : লুৰীণ - আজমল ফাউণ্ডেচনৰ সম্পত্তি উচ্ছেদ

দেওবাৰে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi in Shilshako) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত এটা প্ৰতিনিধি দল ৷ প্ৰতিনিধি দলটোৱে উচ্ছেদিত পৰিয়ালৰ সৈতে মত বিনিময় কৰে ৷

খিলঞ্জীয়াক উচ্ছেদ কৰি মাটিৰ ছিণ্ডিকেট চলাইছে হিমন্ত আৰু আজমলে : লুৰিণ
খিলঞ্জীয়াক উচ্ছেদ কৰি মাটিৰ ছিণ্ডিকেট চলাইছে হিমন্ত আৰু আজমলে : লুৰিণ

By

Published : May 22, 2022, 10:38 PM IST

গুৱাহাটী, 22 মে’ :গুৱাহাটী মহানগৰৰ শিলসাঁকো জলাশয়ৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা খিলঞ্জীয়া লোকৰ ওপৰত আৰক্ষী-প্ৰশাসনে চলোৱা উচ্ছেদক (Eviction drive at Silsaku beel) লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে দিনৰ ভাগত চচলৰ শিলসাঁকোৰ উচ্ছেদিত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে উচ্ছেদিত পৰিয়ালৰ সৈতে মত বিনিময় কৰে (Lurinjyoti Gogoi visited silsaku beel Eviction area) ।

তেওঁলোকে খিলঞ্জীয়া লোকৰ ওপৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ-পুনঃ সংস্থাপন দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । প্ৰতিনিধি দলটোৱে শিলসাঁকো বিলৰ ভূমিত নিৰ্মাণ হোৱা হিম্মৎ সিংকাৰ সু-উচ্চ অট্টালিকা, জিঞ্জৰ হোটেল, বদৰুদ্দিন আজমল ফাউণ্ডেচনৰ ভূমি আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্তমল্ল বৰুৱাৰ বিৰকুচিস্থিত ঘৰলৈ যাব পৰাকৈ বোন্দাজানৰ জলাশয়ৰ মাটি পুতি পথ নিৰ্মাণ কৰা কার্যৰো পৰিদৰ্শন কৰে ।

খিলঞ্জীয়াক উচ্ছেদ কৰি মাটিৰ ছিণ্ডিকেট চলাইছে হিমন্ত আৰু আজমলে : লুৰিণ

শিল সাঁকোৰ উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈয়ে কয় যে, ৰাজনৈতিক আশীষ পুষ্ট তথা ৰাজনৈতিক সু-সম্পৰ্ক থকা লোকক উচ্ছেদ কৰিবলৈ সাহস নথকা চৰকাৰখনে কোনো আগতীয়া জাননী নিদিয়াকৈ শিলসাঁকো অঞ্চলত যোৱা 50-60 বছৰ ধৰি বসবাস কৰা সাধাৰণ জনতাৰ ঘৰ উচ্ছেদ কৰিছে । এয়া এক চৰম অন্যায় । উচ্ছেদিতসকল যিহেতু ভাৰতীয় নাগৰিক, খিলঞ্জীয়া লোক । গতিকে তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰে চাই, চৰকাৰে আইন সিদ্ধভাৱে সংস্থাপন দিয়া উচিত ।

লগতে পঢ়ক :উচ্ছেদিত পৰিয়ালক লগত লৈ ২৩ মে'ত দিছপুৰ কপাঁবলৈ সাজু অখিল বাহিনী

পুঁজিপতি তথা বণিকগোষ্ঠীক বৰপীৰা পাৰি দিয়াৰ বিপৰীতে চৰকাৰখনে সাধাৰণ জনতাৰ প্ৰতি এনেধৰণৰ বৈষম্যমূলক আচৰণ কিয় বুলি প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ে । তেওঁ লগতে কয়, এফালে যদি শিল সাঁকো বিল সংৰক্ষণৰ নামত সাধাৰণ জনতাৰ ঘৰ উচ্ছেদ কৰা হৈছে ৷ আনফালে আকৌ বোন্দাজানৰ জলাশয় পুতি মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মানুহৰ ঘৰলৈ যাব পৰাকৈ এটা পথ নিৰ্মাণ কৰা হৈছে । এয়া আকৌ চৰকাৰৰ কেনেধৰণৰ নীতি বুলি প্ৰশ্ন কৰে লুৰীণজ্যোতি গগৈয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান জনাই গগৈয়ে কয়, যদি মুখ্যমন্ত্ৰীৰ সঁচা কৈয়ে সৎ সাহস আছে, তেন্তে শিলসাঁকো বিলৰ ভূমিত নিৰ্মাণ হোৱা হিম্মৎ সিংকা সু-উচ্চ অট্টালিকা, জিঞ্জৰ হোটেল, বদৰুদ্দিন আজমল ফাউণ্ডেচনৰ সম্পত্তি উচ্ছেদ কৰক ৷ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাই জলাশয় পুতি নিজৰ ঘৰলৈ আহিব পৰাকৈ অবৈধভাৱে নিৰ্মাণ কৰা পথটো উচ্ছেদ কৰাৰ সাহস দেখুৱাওক যদি তাকে কৰিব নোৱাৰে তেন্তে শিলসাঁকোৰ পৰা খিলঞ্জীয়াক উচ্ছেদ কৰা বন্ধ কৰক বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

গগৈয়ে পুনৰ কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল তথা তেওঁৰ পত্নী, পুত্ৰ যেনেকৈ এটা সময়ত চৰকাৰী ভূমি বেদখল কৰিছিল ঠিক তেনেকৈ মুখ্যমন্ত্ৰী আৰু এ আই ইউ দি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে মিলি ৰাজনৈতিক ছিণ্ডিকেটৰ পিছত এইবাৰ যৌথভাৱে মাটিৰ ছিণ্ডিকেট ৰাজত নামি পৰিছে । সেয়া ইতিমধ্যে শিলসাঁকোৰ উচ্ছেদৰ ঘটনাই প্ৰমাণিত কৰিছে ।

আনহাতে, বটদ্ৰৱা কাণ্ডক (Mob sets fire in Batadrava police station) লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, বটদ্ৰৱাৰ ঘটনাটো নৈৰাজ্যবাদী চিন্তাৰ স্পষ্ট প্ৰতিফলন । মানুহৰ নৈৰাজ্যবাদী চিন্তাক চৰকাৰে সাৰ-পানী যোগান ধৰা বাবে এনে ধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে । থানাৰ ভিতৰত অভিযুক্তক মৰিয়াই মৰা এই দুয়োটাৰ এটাও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।

এয়া চৰকাৰৰ কিছুমান ভুল নীতিৰ প্ৰতিফলন । এনে কাৰ্যক স্পষ্ট ভাষাৰে বিৰোধিতা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । অসম জাতীয় পৰিষদৰ এই কাৰ্যসূচীত প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, গিৰিন তালুকদাৰ, শিশীৰ দেৱ কলিতা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক :আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details