গুৱাহাটী, 18 নৱেম্বৰ: ‘‘লাভ জেহাদ এক পৰিকল্পিত ষড়যন্ত্ৰ (Love jihad is a planned conspiracy)। লাভ জেহাদ সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আক্ৰমণ । ই ধৰ্মান্তকৰণৰ এক প্ৰকাৰ’’ । এই মন্তব্য হিমালয় পৰিবাৰ কেন্দ্ৰীয় সভাপতি স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজৰ (Swami Jatindrananda Giri Maharaj) । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, লাভ জেহাদৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে । দেশৰ ভিতৰত ই এক ডাঙৰ ষড়যন্ত্ৰ । ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ’ব লাগে (Love jihad in Assam) ।
লাভ জেহাদৰ বিৰুদ্ধে যেতিয়ালৈ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈ ঘটিয়ে থাকিব বুলি মন্তব্য কৰে স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজে (Love Jihad in India)। আনহাতে তেওঁ বাংলাদেশী নাগৰিক আৰু ৰোহিংগীয়া মুছলমানক লৈও সৰৱ হৈ পৰে (Bangladeshi issue in Assam) । তেওঁ কয় যে, দেশৰ ভিতৰত কোটিৰ সংখ্যাত বাংলাদেশী আছে । তেওঁলোকে দেশৰ নাগৰিকৰ অধিকাৰত হস্তক্ষেপ কৰাৰ লগতে অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে ।