গুৱাহাটী, ২৭ এপ্ৰিল :কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাকে ধৰি কেইবাগৰাকীও কংগ্ৰেছী নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতে বুধবাৰে শতাধিক লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰা ঘটনাই অসমৰ ৰাজনীতিত তৎপৰ্য বহন কৰিছে । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই চমক সৃষ্টি কৰে । ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই সাংগঠনিক ভেটিক লৈ তৎপৰ হৈছে বৰা । গুৱাহাটীৰ ৰুক্মিণীগাঁৱত বিশাল জনসভা আয়োজনেৰে তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয় (Joining programme of TMC in Guwahati)।
উক্ত যোগদান কাৰ্যসূচীত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়ে তৃণমূল কংগ্ৰেছে । যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ মহুৱা মৈত্ৰা(MP Mahua Moitra in Guwahati), মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু সুস্মিতা দেৱে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি মহুৱা মৈত্ৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসমত ক'ত বিজেপিৰ চৰকাৰ চলিছে ? কংগ্ৰেছৰ পৰা যোৱা লোকেৰে চলিছে চৰকাৰ । তৃণমূলে বিৰোধীৰ যি ভূমিকা লৈছে দেশত কোনো দলেই লোৱা নাই ।
মূল্যবৃদ্ধিৰ বাবে একো কিয় প্ৰতিবাদ নহয় বুলিও প্ৰশ্ন কৰে মহুৱা মৈত্ৰাই ৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, তেওঁ যদি সামগ্ৰীৰ দাম কমাব নোৱাৰে তেন্তে কোনে পাৰিব বুলি প্ৰশ্ন কৰাৰ লগতে তেওঁ কয় যে, হনুমান জয়ন্তীক লৈ সকলো ব্যস্ত হৈ আছে কিন্তু মূল্যবৃদ্ধি সন্দৰ্ভত সকলোৱে মুখ বন্ধ কৰি ৰাখিছে । সংবিধান অনুসৰি বিৰোধীৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত বিৰোধীৰ ভুমিকা তৃণমূল কংগ্ৰেছে ল’ব ৷ উত্তৰ ভাৰত আৰু পশ্চিম ভাৰত শক্তিশালী হ'লে ২০২৪ ৰ নিৰ্বাচত বিজেপি পৰাজিত হ’ব বুলি তৃণমূলৰ নেত্ৰীগৰাকীয়ে মন্তব্য কৰে ।