অসম

assam

ETV Bharat / state

EIA সন্দৰ্ভত মতামত প্ৰেৰণ কৰাৰ কাইলৈ অন্তিম দিন - স্মাৰকপত্ৰ

খচৰা প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল 23 মাৰ্চত অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ ঠিক এদিন আগতে এই খচৰাখন জনতাৰ বাবে প্ৰকাশ কৰি মতামত বিচৰা হৈছিল আৰু মতামত প্ৰকাশৰ বাবে শেষ দিন পিছুৱাই দিছিল 11 আগষ্টলৈ । সেই অনুসৰি কেতবোৰ নতুন নীতিৰ প্ৰস্তাৱেৰে চৰকাৰে প্ৰকাশ কৰা EIAৰ খচৰা সপক্ষে তথা বিপক্ষে মন্তব্য আগবঢ়োৱাৰ সময়সীমা কাইলৈ উকলি যাব ৷

Last day to send feedback to tomorrow regarding EIA
EIA সন্দৰ্ভত মতামত প্ৰেৰণ কৰাৰ কাইলৈ অন্তিম দিন

By

Published : Aug 10, 2020, 8:39 PM IST

গুৱাহাটী,10আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত 'পৰিবেশ ক্ষতিশংকা অধ্যয়ন' অৰ্থাৎ Environmental impact assessment (EIA) সম্পৰ্কীয় নতুন নীতিৰ বিৰোধিতা কৰি অসমৰ প্ৰায় ডেৰশত কৈও অধিক দল সংগঠন তথা সচেতন নাগৰিকে সংশ্লিষ্ট মন্ত্ৰণালয়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । ক'ভিড 19ৰ আতংকৰ মাজতে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল কেন্দ্ৰীয় পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে ৰাইজৰ মতামতৰ বাবে প্ৰকাশ কৰা Environmental impact assessment (EIA) সম্পৰ্কীয় নতুন নীতিৰ খচৰা প্ৰতিবেদনে।

EIA সন্দৰ্ভত মতামত প্ৰেৰণ কৰাৰ কাইলৈ অন্তিম দিন

কিন্তু অতি লক্ষণীয় ভাৱে, এই খচৰা প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল 23 মাৰ্চত অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ ঠিক এদিন আগতে এই খচৰাখন জনতাৰ বাবে প্ৰকাশ কৰি মতামত বিচৰা হৈছিল আৰু মতামত প্ৰকাশৰ বাবে শেষ দিন পিছুৱাই দিছিল 11 আগষ্টলৈ । সেই অনুসৰি কেতবোৰ নতুন নীতিৰ প্ৰস্তাৱেৰে চৰকাৰে প্ৰকাশ কৰা EIAৰ খচৰা সপক্ষে তথা বিপক্ষে মন্তব্য আগবঢ়োৱাৰ সময়সীমা কাইলৈ উকলি যাব ।

উল্লেখযোগ্য যে,ক'ভিড19 কেন্দ্ৰীক অচলাৱস্থা আৰু আতংকই ৰাইজক চিন্তিত কৰি থকাৰ সময়ত EIA ৰ বিষয়টোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু যোৱা জুলাই মাহত এই বিষয়টোৱে ব্যাপক হাৰত প্ৰচাৰ লাভ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদো হয় ।

আজি ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ডেৰশ কৈও অধিক দল সংগঠন, ব্যক্তি বিশেষে এই খচৰাৰ সন্দৰ্ভত মতামত জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । মতামত প্ৰকাশৰ বাবে কেৱল কাইলৈৰ দিনটো হাতত থকাৰ সময়ত আজি পৰ্যন্ত মতামত প্ৰেৰণ কৰা দল সংগঠন সমূহৰ ভিতৰত আছে সদৌ অসম ছাত্ৰ সন্থা, অসম সংগ্ৰামী মঞ্চ, কাজিৰঙা ৱাইল্ড লাইট ছ'ছাইটি, দিল্লীৰ অসমীয়া ছাত্ৰ সন্থা, অসম বিজ্ঞান সমিতি,এছটেক, গ্ৰীনলেণ্ড, ইলোৰা বিজ্ঞান মঞ্চ,স্বৰাজ অসম,আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ ইত্যাদি । অৱশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম প্ৰদেশ কংগ্ৰেছ কমিটি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংগঠন সমূহে এই সন্দৰ্ভত মতামত প্ৰেৰণ কৰিছে নে নাই সেইয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও কাইলৈৰ দিনটোৰ ভিতৰত আৰু অধিক সংখ্যক ৰাজ্যৰ সংগঠন, ব্যক্তি বিশেষে তেওঁ লোকৰ মতামত প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।

আনহাতে কিছুদিন পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰি অহা 7 ছেপ্তেম্বৰ পৰ্যন্ত কেন্দ্ৰ চৰকাৰে EIA ৰ খচৰা সন্দৰ্ভত কোনোধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব বুলিও এক নিৰ্দেশনা জাৰি কৰিছিল ৷

লগতে পঢ়কঃCOVID-19 ত আক্ৰান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details