অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি উদযাপন বীৰ লাচিতৰ 397 সংখ্যক জন্ম জয়ন্তী - Kolibar lachit diwas celevartion

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বৰপেটা, টীয়ক আৰু ফাঁচী বজাৰৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষত উদযাপন কৰা হয় লাচিত দিৱস ৷

ৰাজ্যজুৰি উদযাপন বীৰ লাচিতৰ 397 সংখ্যক জন্ম জয়ন্তী

By

Published : Nov 24, 2019, 8:26 PM IST

গুৱাহাটী, 24 নৱেম্বৰঃ দেওবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসম মাতৃৰ বীৰ সন্তান লাচিত বৰফুকৰনৰ জন্ম জয়ন্তী ৷ উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত লাচিত দিৱসৰ দিনাই উন্মোচন কৰা হ'ল অসমীয়া জাতিৰ সৌৰ্য মহাবীৰ লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি ৷ ১৯৬১ চনতে স্থাপিত হোৱা অসম আৰ্হি ৭নং লাচিত বৰফুকন ছাত্ৰাবাসৰ সন্মূখত নিৰ্মাণ কৰা ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷ ছাত্ৰবাসটোৰ প্ৰাক্তন আবাসীসকলে নিজা অনুদানেৰে নিৰ্মান কৰিছে আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ এই প্ৰতিমূৰ্তিটো ৷ প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই ৷ আনহাতে, লাচিত দিৱসৰ লগত সংগতি ৰাখি আবাসটোৰ প্ৰয়াত প্ৰাক্তন ছাত্ৰসকলৰ আত্মাৰ সাদগতিৰ কামনাৰে মৌন প্ৰাৰ্থনা কৰাৰ লগতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত লাচিত দিৱস উদযাপন

বৰপেটা, 24 নৱেম্বৰঃ বৰপেটাত দিনজোৰা কাৰ্যসূচীৰে ৰাম সেনাই উদযাপন কৰে বীৰ লাচিত বৰফুকনৰ 397 সংখ্যক জন্ম জয়ন্তী ৷ উক্ত অনুষ্ঠানৰ আৰম্ভনিতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে ৰাম সেনাৰ প্ৰমুখ দেৱজিৎ ডেকাই ৷ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা লাচিত দিৱসৰ কাৰ্যসূচী অনুসৰি চিত্ৰাংকন প্ৰতিযেগিতা অনুষ্ঠিত কৰাৰ লগতে দিব্যাংগ লোকৰ মাজত বস্ত্ৰ বিতৰন কৰা হয় ৷

বৰপেটাত লাচিত দিৱস উদযাপন

টীয়ক, 24 নৱেম্বৰঃ টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত বৰফুকন মৈদামত উদযাপন কৰা হৈছে লাচিত দিৱস ৷ যোৰহাট জিলা প্ৰশাসন তথা লাচিত মৈডাম সংৰক্ষণ সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস ৷ পুৱা পতাকা উত্তোলন কৰাৰ পাছতে বীৰজনাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰা হয় ৷ মৈডামত পূজা অৰ্চনা কৰি বীৰজনাক শ্ৰদ্ধা জনোৱাৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দিনযোৰা কাৰ্যসূচীৰে মৈডাম প্ৰাংগনত বীৰ লাচিত দিৱস উদযাপন কৰা হয় ৷

টীয়কত উদযাপন লাচিত দিৱস

গুৱাহাটী, 24 নৱেম্বৰঃ অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ফাঁচী বজাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ কাষত উদযাপন কৰা হয় লাচিত দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , সিদ্ধাৰ্থ ভট্টাচাৰ্য , নৱ দলে গুৱাহাটী সমষ্টিৰ সাংসদ কইন ওজা ৷ উল্লেখ্য যে, নতুন প্ৰজন্মই লাচিতৰ দৰে মনোবল আৰু সাহসেৰে আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা যোগায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটীত উদযাপন লাচিত দিৱস

কলিয়াবৰ, 24 নৱেম্বৰঃকলিয়াবৰত ব্যতিক্ৰমী ধৰণে উদযাপন লাচিত দিৱস ৷ সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হয় লাচিত দিৱস ৷ লচিত দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে ৰক্তদান শিৱিৰ ৷ শতাধিক লোকে এই শিৱিৰত অংশগ্ৰহণ কৰি ৰক্তদান কাৰ্যসূচী সফল কৰি তোলে ৷ জয়ন্তীপুৰ গাঁৱত যোৱা দুই বছৰ ধৰি এই ৰক্তদান শিৱিৰ আয়োজন কৰি থকা মৰিয়া যুৱ ছাত্ৰ সন্থাৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷

কলিয়াবৰত উদযাপন লাচিত দিৱস

ABOUT THE AUTHOR

...view details