গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী :আজি 9 বছৰত ভৰি দিলে প্ৰণৱ বড়োৰ শিহৰণকাৰী আত্মজাহৰ ঘটনাই (Martyr Pranab Bodo 9th death anniversary) ৷ 2014 চনৰ 24 ফেব্ৰুৱাৰীত ভূমিস্বত্ব আন্দোলনৰ বাবে অসম সচিবলয়ৰ সন্মুখত আত্মজাহ দিছিল কৃষক মুক্তিৰ অন্যতম সদস্য প্ৰণৱ বড়োৱে ৷ শুকুৰবাৰে তেওঁৰ নৱম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ চচলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ।
ইয়াৰোপৰি গুৱাহাটীৰ থলুৱা বাসিন্দাসকলক ভূমিৰ পট্টা প্ৰদান কৰা, বনাঞ্চল, পাহাৰ, জলাশয়, গ্ৰাণ্ট আদিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা পৰিয়ালসমূহক উচ্ছেদ বন্ধ কৰা, উচ্ছেদৰ নামত চৰকাৰী হাৰাশাক্তি বন্ধ কৰা আৰু উচ্ছেদিত প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহানগৰীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (protests to ensure land rights) ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে হাতে হাতে প্লেকাৰ্ড লৈ উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ৰামদেৱ নহয় থলুৱা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰক, পুঁজিপতিক নহয় ভূমিহীনক মাটি দিয়ক, খিলঞ্জীয়াক মাটি দিম বুলি কৈ উচ্ছেদ কৰা বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (Krishak Mukti Sangram Samiti protest)। এই অনুষ্ঠানত প্ৰয়াত প্ৰণৱ বড়োৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু প্ৰণৱ বড়োৰ পত্নী পূৰ্ণিমা বড়োকে ধৰি সমিতিৰ অনান্য বিষয়ববীয়াসকলে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই (General secretary Bidyut Saikia) সংবাদমাধ্যমক কয় যে কৃষক মুক্তিৰ জন্মই হৈছে খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষাৰ দাবীত ৷ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় বিৰোধিতা কৰিব ৷ ২০১১ চনৰ ২২ জুনত দিছপুৰত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰা ভূমিস্বত্ব আন্দোলনত তিনিজন সংগ্ৰামী সতীৰ্থ বীৰেন কলিতা, শিৱকুমাৰ চৌহান আৰু ৯ বছৰীয়া ৰুহুল আলীয়ে পুলিচৰ গুলীত জীৱন আহুতি দি শ্বহীদ হৈছিল (3 martyrs Land ownership movement) ৷