অসম

assam

ETV Bharat / state

Knee pain reasons: আঁঠুৰ বিষত ভুগিছে নেকি আপুনি ? জানক আঁঠুৰ বিষৰ কাৰণসমূহ - আঁঠুৰ বিষৰ কাৰণ সমূহ

আঁঠুৰ বিষত ভুগিছে নেকি ? আঁঠুৰ বিষ বা অষ্টিঅ' আৰ্থ্ৰাইটিছ কি হয় ? অষ্টিঅ’ আৰ্থ্ৰাইটিছৰ কাৰণসমূহ আৰু লক্ষণসমূহ কি কি জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ চন্দন নাথ চৌধুৰীয়ে ।

knee-pain-heres-why-it-happens-and-how-you-can-fix-it
আঁঠুৰ বিষত ভুগিছে নেকি

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:50 PM IST

আঁঠুৰ বিষত ভুগিছে নেকি

বৰ্তমান সময়ত প্ৰায় মানুহে আঁঠুৰ বিষত ভুগি থকা দেখা যায় ৷ দিনক দিনে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বয়স বৃদ্ধিৰ লগে লগে এনেধৰণৰ সমস্যাই গা কৰি উঠে । চিকিৎসা বিজ্ঞানত এনে ধৰণৰ বেমাৰক অষ্টিঅ’ আৰ্থ্ৰাইটিছ বুলি কয় । অষ্টিঅ’ আৰ্থ্ৰাইটিছ বা আঁঠুৰ সন্ধিৰ বিষ বুলি ক’লে তেতিয়া আঁঠুৰ কাৰ্টিলেজ দুৰ্বল হোৱাকে বুজা যায় ।

গাড়ী এখন চলালে যি দৰে ক্ষয় হৈ থাকে তেনেদৰে আঁঠুৰ চলাচল বেছি হোৱাৰ লগে লগে কাৰ্টিলেজ দুৰ্বল হ’বলৈ ধৰে । এই কাৰ্টিলেজৰ ক্ষয় হ’লে এডাল হাড়ৰ লগত আন এডাল হাড়ৰ ক্ষয় হ’বলৈ ধৰে । তেতিয়াই আৰম্ভ হয় বিষ । অস্থিসন্ধিৰ বিষকেই কোৱা হয় অষ্টিঅ’ আৰ্থ্ৰাইটিছ । এয়া হৈছে বয়সৰ লগে লগে হোৱা ক্ষয়জনিত ৰোগ । সাধাৰণতে ৫০ বছৰ বয়সৰ পিচত মহিলাসকলে বেছিকৈ আঁঠুৰ বিষত আক্রান্ত হোৱা দেখা যায়।

অষ্টিঅ’ আৰ্থ্ৰাইটিছ কাৰণ সমূহ ?

১)এই ৰোগৰ কাৰণসমূহৰ ভিতৰত মাটিত বহি বহি কাম কৰা এটা প্ৰধান কাৰণ । এনেদৰে বহি বহি কাম কৰাৰ ফলত আঁঠুৰ সন্ধিত ক্ষয় বেছি হয় ।

২) শৰীৰৰ ওজন বৃদ্ধি হলেও আঁঠুৰ বিষ হ’ব পাৰে ।

৩)এনে ৰোগৰ পোনপটীয়া কাৰণৰ বিষয়ে জনা নাযায় যদিও বয়সৰ বাবেও আঁঠুৰ বিষ হ’ব পাৰে ।

৪) বংশগত প্ৰভাৱৰ বাবেও আঁঠুৰ বিষ হ’ব পাৰে ।

৫) আঁঠুত পোৱা আঘাতেও এনেৰোগ বৃদ্ধি কৰে।

৬)তদুপৰি স্নায়ুত কোনো কাৰণত আঘাট পালেও আঁঠুৰ বিষ হোৱা দেখা যায়।

৭)কায়িক পৰিশ্ৰম নকৰিলেও এইৰোগ হ’ব পাৰে।

৮) আঁঠুৰ ওপৰত প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ পৰিলেও এনে হোৱাৰ আশংকা থাকে।

অষ্টিঅ’ আৰ্থ্ৰাইটিছ বিষৰ লক্ষণসমূহ

১) এনেৰোগ হ’লে আঁঠুৰ বিষ হয়।

২) আঁঠুৰ জঠৰতা হোৱা দেখা যায়।

৩) স্থিতিস্থাপনতাত ব্যাঘাট জন্মে। লৰচৰ কৰাত ব্যাঘাত জন্মে।

৪) আঁঠুটো ভাগি যোৱাৰ দৰে অনুভৱ হয়।

৫) কোমল পেশীবোৰ দুৰ্বল হয়।

লগতে পঢ়ক:World Physical Therapy Day 2023: ফিজিঅ’থেৰাপি আমাৰ বাবে জৰুৰী নে ? ইয়াৰ গুৰুত্ব সম্পৰ্কে জানো আহক

ABOUT THE AUTHOR

...view details