গুৱাহাটী, 15 ছেপ্তেম্বৰ : অসম জাতীয় পৰিষদক আমি শুভেচ্ছা জনাইছো কিন্তু নতুন আঞ্চলিক দলক লৈ আমি সুখী নহয় । আমি এতিয়াও ঐক্যবদ্ধ আঞ্চলিক শক্তিক বিশ্বাস কৰো । আঞ্চলিক শক্তি ঐক্যবদ্ধ নোহোৱাতো ঐতিহাসিক ভুল । আমাৰ উদাৰতাক দুৰ্বলতা বুলি নাভাৱিব । মঙলবাৰে আছুৰ উদ্যোগত নৱ গঠিত নতুন আঞ্চলিক দলক লৈ সংবাদ মাধ্যমৰ আগত এইদৰে ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই ।
তেওঁ আকৌ জনাই যে,আমি বাৰম্বাৰ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছিলো। আমাৰ আহ্বানক একাষৰীয়া কৰি তেওঁলোকে আঞ্চলিক দল গঠনৰ পোষকতা কৰিলে । আমি এতিয়াও বিচাৰো যে আমি ঐক্যবদ্ধ হওঁ । ঐক্যবদ্ধ নহৈ পৃথকে পৃথকে দল খুলিলে বিজেপি আৰু আৰুRSSয়ে বেছিকৈ লাভান্বিত হ'ব বুলি সভাপতি গৰাকীয়ে মন্তব্য প্ৰদান কৰে ।
লগতে পঢ়ক :"সেৱা সপ্তাহ" ত কি কি কাৰ্যসূচী ৰূপায়ণ কৰিব অসম বিজেপিয়ে ?