সাংসদ আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত কৃষক মুক্তিৰ এজাহাৰ দাখিল গুৱাহাটী, 15 নৱেম্বৰ : সাংসদ বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিওৱা কাৰ্যত ক্ষুন্ন হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷ ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰিছে এজাহাৰ ৷বুধবাৰে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এজাহাৰ দাখিল কৰে ৷
অসমীয়াৰ সন্মানীয় বস্ত্র চেলেং চাদৰ দলিওৱা আৰু সাম্প্ৰদায়িক মন্তব্যৰে সামাজিক পৰিৱেশ অস্থিৰ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি সাংসদ আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই গোচৰ ৰুজু কৰে ৷
সংগঠনটোৰ হৈ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, প্ৰচাৰ সম্পাদক পৃথীৰাজ দলে, উমানন্দ মুদৈ মৰাণ, গুৱাহাটী সমিতিৰ সম্পাদক প্ৰভাত চেতিয়াই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ 153A/153B/295A ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এজাহাৰ দাখিল কৰে সংগঠনটোৰ কৰ্মীয়ে ।
কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই সন্দৰ্ভত কয়, “ৰাজহুৱা সভাত সাম্প্ৰদায়িক ভাষণেৰে অসমৰ বিভিন্ন জাতি-ধৰ্মাৱলম্বীলোকৰ মাজত ঘৃণাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে সাংসদ আজমলে ৷ কেৱল সেয়াই নহয় যোৱা 3 নৱেম্বৰত এখন ৰাজহুৱা সভাত ভাৰতত শাসন কৰিবলৈ হ’লে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব বুলিও সাম্প্ৰদায়িক মন্তব্য কৰিছিল আজমলে।”
কৃষক মুক্তিৰ সাধাৰণ সম্পাদক শইকীয়াই কয়, ‘‘ যোৱা 14 নৱেম্বৰত মৰিগাঁৱৰ লাহৰীঘাটত অনুষ্ঠিত এখন সভাত তেখেতক সম্বৰ্ধনা জনোৱা এখন চেলেং চাদৰ মঞ্চৰ তললৈ দলিয়াই দিয়ে । চেলেং চাদৰ অসমীয়া সমাজৰ এক সন্মানৰ প্ৰতীক ৷ তেনেস্থলত এইধৰণৰ কাৰ্যই অসমীয়া সমাজৰ অনুভূতিত বাৰুকৈয়ে আঘাত সানিছে ৷ বিগত সময়ছোৱাত সাংসদ আজমলে নিৰ্দিষ্ট ধৰ্ম, জাতি, সম্প্ৰদায়ৰ প্ৰতি ঘৃণাসূচক সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ সমাজখনত অস্থিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে ৷ তদুপৰিও সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে পৰোক্ষভাৱে উচতাই আহিছে । সেয়ে আজমলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’’
লগতে পঢ়ক:Sushmita Talukdar: যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ তিনি লাখ টকাৰ সাহাৰ্য আজমলৰ