অসম

assam

By

Published : Jan 24, 2020, 3:00 PM IST

ETV Bharat / state

পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈ

পুনৰ নিয়াৰ আদালতত হাজিৰ কৃষক নেতা অখিল গগৈক ৷ প্ৰতিবাদ কাৰীক ঐক্যবদ্ধ ভাৱে জোৰদাৰ আন্দোলন কৰাৰ আহ্বান অখিল গগৈৰ ৷

KMSS leader Akhil Gogoi at NIA court
পুনৰ NIA ৰ আদালতত হাজিৰ কৃষক নেতৈ অখিল গগৈক

গুৱাহাটী,24 জানুৱাৰী: শুকুৰবাৰে পুনৰ NIA ৰ আদালতত হাজিৰ কৰোৱা হয় মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক ৷ আদালতত হাজিৰ কৰাৰ সময়ত সাংবাদিকৰ আগত অখিল গগৈৰ স্পষ্ট মত, "কৃষক মুক্তিৰ সদস্যক সকলক কিয় এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা অসমৰ ৰাইজে জানে ৷ ইয়াৰ উপৰিও নিয়াৰ জিম্মাত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে যে, অসমত যিদৰে জোৰদাৰ আন্দোলন হ'ব লাগিছিল সেইদৰে আন্দোলন হোৱা নাই ৷ প্ৰতীকী আন্দোলনৰ সময় গ'ল এতিয়া জোৰদাৰ আন্দোলন হ'ব লাগে । সকলো ঐক্যবদ্ধ নহ'লে অসমীয়া জাতি প্ৰতাৰণাৰ বলিও হ'ব বুলি মন্তব্য কৰে অখিল গগৈয়ে "৷

পুনৰ NIA ৰ আদালতত হাজিৰ কৃষক নেতৈ অখিল গগৈক

উল্লেখ্য যে,কৃষক নেতা গৰাকীৰ বিৰুদ্ধে 13 ডিচেম্বৰত চান্দমাৰী থানাত ৰুজু হোৱা গোচৰ পৰৱৰ্তী পৰ্যায়ত হস্তান্তৰ কৰা হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ আদালতত ৷ লগতে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা একেটা গোচৰতে 23 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰক ৷ ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কৃষক নেতাগৰাকীক ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details