গুৱাহাটী,4 মাৰ্চঃ নাগৰিকত্ব সংশোধনী আইনকলৈ বৰ্তমানো উত্তপ্ত হৈ আছে মেঘালয় ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত বলবৎ কৰা হৈছে সান্ধ্য আইন ৷ তাৰোপৰি প্ৰশাসনে ব্যাহত কৰি ৰাখিছে ইন্টাৰনেট সেৱা ৷ যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে সাধাৰণ লোকসকল ৷ আনহাতে, মেঘালয়ত কৰ্মসূত্ৰে বাস কৰা দেশৰ অন্য প্ৰান্তৰ নাগৰিকসকলৰ জীৱনলৈ ভাবুকি আহি পৰাৰ এক অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি স্থানীয় কেইবাটাও দল-সংগঠনে বহিঃৰাজ্যৰ লোকসকলক মেঘালয় ত্যাগ কৰাৰ নিৰ্দেশ দিছে ৷
বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে সংগঠনটোৰ উপদেষ্টা মহম্মদ হুছেইন ছাহজাহান আৰু সাধাৰণ সম্পাদক মুকুট ডেকাই ৷ সংবাদমেলত দুই নেতাই জনোৱা অনুসৰি মেঘালয়ত আৱদ্ধ হৈ আছে অসমৰ কেইবা শতাধিক লোক ৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ফোনযোগে অসমৰ কেইবাগৰাকী লোকে নিজৰ দুৰ্দশাৰ কথা ব্যক্ত কৰিছে ৷ শিৱসাগৰৰ দীপজ্যোতি দত্ত, বৰমাৰ সুৰজিৎ বড়ো, গোৱালপাৰাৰ ধ্ৰুৱ দাস, গোগামুখৰ ধীমান কোঁৱৰ, ওদালগুৰিৰ মানস ডেকাই কিদৰে তেওঁলোকৰ নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহিছে সেই কথা কৃষক মুক্তি সংগ্ৰাম সমিতিক অৱগত কৰিছে ৷