অসম

assam

ETV Bharat / state

কাৰ্বি শান্তি চুক্তি সাজু: বাঢ়িব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসনৰ সংখ্যা - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

বিগত বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত কাৰ্বি আংলঙৰ চাৰিটাকৈ বিদ্ৰোহী সংগঠনৰ সহস্ৰাধিক নেতা আৰু কেডাৰে অস্ত্ৰ সম্বৰণ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহাসকলৰ ভিতৰত আছিল এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী আই কে সংবিজিত ।

karbi accord ready guwahati assam etv bharat news
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jun 2, 2021, 1:42 PM IST

গুৱাহাটী,২ জুন: চলিত মাহৰ প্ৰথমটো পষেকতে কাৰ্বি আংলঙৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় । সম্প্ৰতি দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে ইয়াৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । দিল্লীত মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু অমিত শ্বাহৰ মাজত সোমবাৰে হোৱা বৈঠকত এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু তদাৰকত এই শান্তি চুক্তি চলিত মাহৰ প্ৰথমটো পষেকতে স্বাক্ষৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যৰ গৃহ বিভাগৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে ১০ জুনত এই চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত কাৰ্বি আংলঙৰ চাৰিটাকৈ বিদ্ৰোহী সংগঠনৰ সহস্ৰাধিক নেতা আৰু কেডাৰে অস্ত্ৰ সম্বৰণ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহা সকলৰ ভিতৰত আছিল এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী আই কে সংবিজিত ।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ ফাইল ফটো

অস্ত্ৰ সম্বৰণ কৰা বিদ্ৰোহী সংগঠন কেইটা আছিল পিডিচিকে, কেএলএনএলএফ, কেপিএলটি (তিনিটা গোট) আৰু ইউপিএলএ । ইতিমধ্যে এই আটাইকেইটা বিদ্ৰোহী সংগঠনৰ সৈতে চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু তাৰে ফলস্বৰূপে চলিত মাহৰ প্ৰথমটো পষেকতে স্বাক্ষৰিত হব শান্তি চুক্তি ।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ ফাইল ফটো

গৃহ বিভাগৰ সূত্ৰটোৱে সদৰী কৰা মতে, স্বাক্ষৰিত হ’বলগীয়া শান্তি চুক্তিৰ খচৰা ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । সেই খচৰাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ আসনৰ সংখ্যা ২৬ খনৰ পৰা ৪৪ খনলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হৈছে । ইয়াৰে মাত্ৰ কেইখনমান আসনহে বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে মুকলি থাকিব যদিও অধিকাংশ আসনেই সংৰক্ষিত থাকিব । ইয়াৰোপৰি উক্ত চাৰিওটা সংগঠনৰ সকলো কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব ।

লগতে চাওকঃক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details