গুৱাহাটী, 24 জুন : কলিকতা প্রশাসনৰ সঁহাৰি নোপোৱাৰ ফলতেই গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল অসমৰ পৰা যোৱা আৰক্ষীৰ দলে। পুনৰ নতুন গ্ৰেপ্তাৰী পৰোৱাৱানাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰাৰ বাবে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে কলিকতা প্ৰশাসনক । অসমৰ আৰক্ষীয়ে নহয় এইবাৰ কলিকতাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চ্যুকাফা সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰা গৰ্গ চেটাৰ্জীক ।
কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গৰ্গ চেটাৰ্জীক ! - কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশ
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে নিৰ্দেশ প্ৰদান কৰিলে কলকাতাৰ আৰক্ষী প্ৰশাসনক ৷ মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জনালে এই কথা ৷
ক্ৰাইম ব্ৰাঞ্চৰ এক গোচৰৰ ভিত্তিত কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰদান কৰিছে নতুন গ্ৰেপ্তাৰী পৰোৱানা। কলিকতা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে ৷ এই কথা জানিবলৈ দিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই। লগতে তেওঁ জানিবলৈ দিয়ে যে, অসমৰ পৰা যোৱা আৰক্ষীৰ দলটোক কলিকতা প্ৰশাসনে পৰ্যাপ্ত সঁহাৰি প্ৰদান নকৰাৰ ফলত বিফল হৈ আহিব লগা হৈছিল অসম আৰক্ষীৰ দল। তাৰোপৰি গৰ্গ চেটাৰ্জীৰ একাংশ সমৰ্থকে অসম ভৱনতে অসম আৰক্ষীৰ দলটোক ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ এতিয়া কলকাতা আৰক্ষীয়ে বিতৰ্কিত বুদ্ধিজীৱীগৰাকীক আটক কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ৰায়ক কি দৰে গ্ৰহণ কৰে সেইযা লক্ষণীয় হ'ব ৷
লগতে পঢ়ক :গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা