গুৱাহাটী, 17 মে' : সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰিছে নেকি গুৱাহাটী মহানগৰী ! 15 মে' ত মহানগৰীৰ জু-ৰোডত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাচতে শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷ মহানগৰীৰ অন্যতম তীৰ্থস্থান শক্তিপীঠ কামাখ্যা ধামলৈও ভাবুকি অহাৰ আশংকা ব্যক্ত কৰা হৈছে ।
নিৰাপত্তাৰ নামত কি চলিছে শক্তিপীঠ কামাখ্যাত ! - অসম নিউজ
সমাগত অম্বুবাচী মেলা । মেলাৰ সময়ত লাখ-লাখ ভক্তৰ সমাগম ঘটিব মা কামাখ্যা ধামত । কিন্তু এনে সময়ত আৰক্ষী প্ৰশাসনৰ হাতত তথ্য থকাৰ পাচতো নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই মহানগৰ প্ৰশাসনে
আনহাতে, সমাগত অম্বুবাচী মেলা । মেলাৰ সময়ত লাখ-লাখ ভক্তৰ সমাগম ঘটিব মা কামাখ্যা ধামত । কিন্তু এনে সময়ত আৰক্ষী প্ৰশাসনৰ হাতত তথ্য থকাৰ পাচতো নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই মহানগৰ প্ৰশাসনে । বৰ্তমানো কামাখ্যাৰ প্ৰৱেশদ্বাৰসমূহত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা । কেৱল মূল প্ৰৱেশ পথত মেটেল ডিটেক্টৰ আৰু দুই এজন নিৰাপত্তাৰক্ষী নিয়োগ কৰি দায়িত্ব সামৰিছে আৰক্ষী-প্ৰশাসনে । মন্দিৰ চৌহদৰ পশ্চিমত থকা প্ৰৱেশদ্বাৰতো নাই বিশেষ কোনো ব্যৱস্থা । কেৱল এগৰাকী মহিলা গাৰ্ড নিয়োগ কৰা হৈছে এই প্ৰৱেশদ্বাৰত । মুঠৰ ওপৰত শক্তিপীঠ কামাখ্যাত এতিয়া ধোৱাংবাং নিৰাপত্তা ব্যৱস্থা ।