অসম

assam

ETV Bharat / state

কামাখ্যাত সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড় - মা কামাখ্যা মন্দিৰ দৰ্শন কৰে সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে

গুৱাহাটীত উপস্থিত হৈ মঙলবাৰে পুৱাই মা কামাখ্যা মন্দিৰ দৰ্শন কৰে সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাথোড়ে উত্তৰ-পূৰ্বত খেলৰ ক্ষেত্ৰত বহু আগবাঢ়িছে আৰু অসমত খেলৰ ক্ষেত্ৰত বহু প্ৰতিভা আছে বুলি মন্তব্য কৰে ।

কামাখ্যাত সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়

By

Published : Oct 22, 2019, 12:42 PM IST

Updated : Oct 22, 2019, 2:40 PM IST

গুৱাহাটী,22অক্টোবৰঃ মঙলবাৰে পুৱাই মা কামাখ্যা মন্দিৰ দৰ্শন কৰে সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে । কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰধান মন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ লগতে সমগ্ৰ দেশবাসীৰ আশু আৰোগ্য কামনা কৰিলে সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে । মাৰ দৰ্শনৰ পাচত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাথোড়ে উত্তৰ-পূৰ্ব খেলৰ ক্ষেত্ৰত বহু আগবাঢ়িছে আৰু অসমত খেলৰ ক্ষেত্ৰত বহু প্ৰতিভা আছে বুলি মন্তব্য কৰে ।

কামাখ্যাত সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়

ইপিনে কামাখ্য মাক দৰ্শন কৰি উৎফুল্লিত প্ৰাক্তন ভাৰতীয় সেনাধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ সাংসদ জেনেৰেল ভি কে সিং । লগতে তেওঁ ১৯৭১ চনৰ পৰাই মা কামাখ্যাৰ দৰ্শনৰ বাবে আহি আছে বুলি মন্তব্য কৰে । পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই কৰা অভিযানক লৈ সুখী বুলিও কয় প্ৰাক্তন ভাৰতীয় সেনাধ্যক্ষগৰাকীয়ে ।

Last Updated : Oct 22, 2019, 2:40 PM IST

ABOUT THE AUTHOR

...view details