গুৱাহাটী, 10 নৱেম্বৰ : মংগলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কামাখ্যাৰ মাল্টিলেভেল কাৰ পাৰ্কিং । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই কাৰ পাকিং। ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ 'প্ৰসাদ' আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে এই অত্যাধুনিক কাৰ পাৰ্কিঙটো । তিনিমহলীয়া কাৰ পাকিংটোত মুঠ ২০০ খন বাহন পাৰ্কিং কৰিব পাৰিব। লগতে থাকিব খোৱাপানীৰ ব্যৱস্থা, আশ্ৰয় গৃহ, শিশু গৃহ । ৩০ কোটি ৭০ লাখ টকা ব্যয়ৰে নিৰ্মান কৰা হৈছে এই অত্যাধুনিক পাৰ্কিং । তাৰোপৰি ২০০০টাকৈ চিচি টিভি কেমেৰা মনিটৰিং কৰিব পৰা বিশেষ ৰুমৰ ব্যৱস্থা আছে । ইফালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত কেইবাটাও নতুন পদক্ষেপৰ কথা উল্লেখ কৰে। শীঘ্ৰেই সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ আৰু বিশ্বনাথত ৰ'পৱে নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে । ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাজ্যক উন্নয়ন শিখৰত আগুৱাই নিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তাৰোপৰি মা কামাখ্যাৰ মন্দিৰৰ ওপৰভাগ সোণেৰে সজাই থকাৰ কথাও উল্লেখ কৰিলে মন্ত্ৰী ড০ শৰ্মাই।
কামাখ্যাত অত্যাধুনিক কাৰ পাৰ্কিং মুকলি কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই - ভাৰত চৰকাৰৰ পৰ্যটন বিভাগ
শীঘ্ৰেই সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ আৰু বিশ্বনাথত ৰ'পৱে নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে । ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাজ্যক উন্নয়ন শিখৰত আগুৱাই নিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
কামাখ্যাত অত্যাধুনিক কাৰ পাৰ্কিং মুকলি কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা, কামাখ্যাৰ দলৈ ক্ৰমে কোবিন্দ্ৰ প্ৰসাদ শৰ্মা, মোহিত শৰ্মাকে প্ৰমুখ্য কৰি পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াসকল।
লগতে পঢ়ক : গড়াজানত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল দুই আৱাসগৃহ