অসম

assam

ETV Bharat / state

দেশৰ তৃতীয় শ্ৰেষ্ঠ পৰিস্কাৰ পীঠস্থান শক্তিপীঠ কামাখ্যা - বৈষ্ণো দেৱী মন্দিৰ

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে স্বচ্ছতা তথা মন্দিৰৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে লৈ অহা পদক্ষেপৰ বাবেই শক্তিপীঠলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷

শক্তিপীঠকলৈ গৌৰাম্বিত অসমবাসী

By

Published : Sep 5, 2019, 7:38 PM IST

Updated : Sep 9, 2019, 2:49 PM IST

গুৱাহাটী, 5 চেপ্তেম্বৰঃ কামাখ্যাক লৈ গৌৰাম্বিত অসমবাসী ৷ নীলাচল বুকুত অৱস্থিত মা-কামাখ্যা মন্দিৰে পৰিষ্কাৰ-পৰিচন্নতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত লাভ কৰিছে তৃতীয় স্থান । শুকুৰবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব এই বঁটা । মঙলবাৰে দেশৰ জলশক্তি মন্ত্ৰণালয়, খোৱাপানী আৰু স্বচ্ছতা বিভাগে ঘোষণা কৰে পৰিষ্কাৰ স্থানৰ তালিকা । কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে স্বচ্ছতা তথা মন্দিৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে লৈ অহা পদক্ষেপৰ বাবেই শক্তিপীঠলৈ আগবঢ়োৱা হৈছে এই সন্মান । বঁটা লাভ কৰাৰ পাচতে আনন্দিত কামাখ্যা মন্দিৰ পৰিচালনা সমিতি ।

শক্তিপীঠকলৈ গৌৰাম্বিত অসমবাসী


আনহাতে, স্বচ্ছতাৰ এই তালিকাৰ শীৰ্ষ স্থানত আছে জম্মু–কাশ্মীৰৰ ৰিয়াছী জিলাৰ ত্ৰিকূট পাহাৰত অৱস্থিত প্ৰসিদ্ধ তীৰ্থস্থান মাতা বৈষ্ণো দেৱী মন্দিৰ ।

Last Updated : Sep 9, 2019, 2:49 PM IST

ABOUT THE AUTHOR

...view details