নলবাৰী,14 মে’: নলবাৰী জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয় ৰূপান্তৰিত হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ জিলা প্ৰশাসনৰ সিদ্ধান্তমৰ্মে বিদ্যালয়খনৰ প্ৰায় ১৪ টা কোঠা সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন কক্ষ হিচাপে ৷ মূলত বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্ৰীৰ সুবিধাৰ্থে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত জৱাহৰ নৱোদয় বিদ্যালয় ! - ভাৰত ভূষণ দেৱচৌধুৰী
জিলা প্ৰশাসনৰ সিদ্ধান্তমৰ্মে নলবাৰীৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয় ৰূপান্তৰিত হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ জিলাখনলৈ অন্য প্ৰান্তৰ পৰা বাছ অথবা ৰে’লযোগে আহিবলগীয়া লোকক কোৱাৰেণ্টাইন কৰা হ’ব এই কেন্দ্ৰত ।
জৱাহৰ নৱোদয় বিদ্যালয়
তদুপৰি জিলাখনলৈ অন্য প্ৰান্তৰ পৰা বাছ অথবা ৰে’লযোগে আহিবলগীয়া লোকক কোৱাৰেণ্টাইন কৰা হ’ব এই কেন্দ্ৰত । প্ৰায় ২৫০ গৰাকী লোকৰ বাবে সাজু কৰা বিদ্যালয়খনৰ কাম-কাজ বৃহস্পতিবাৰে পৰিদৰ্শন কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে ৷ নিশাৰ ভিতৰত কাম-কাজ সম্পন্ন হোৱাৰ কথা ব্যক্ত কৰিছে উপায়ুক্ত গৰাকীয়ে ৷
লগতে চাওকঃকৰ'ণামুক্ত জুবিন গাৰ্গ সহ চাৰিজনীয়া দলটো