অসম

assam

ETV Bharat / state

"গুৱাহাটীত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই": জিতু গোস্বামী

বুধবাৰে নিশা আবকাৰী বিভাগৰ এক তদন্তকাৰী দলে এএছ-০১-জিচি-৪১৯৭ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে য'ৰ পৰা বৃহৎ সংখ্যক অবৈধ দেশীয় সুৰা জব্দ কৰা হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ পৰা হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ এখন হাতে লিখা পাৰ্মিট উদ্ধাৰ কৰে ৷ কিন্তু সেই হাতে লিখা পাৰ্মিটখনৰ সৈতে উদ্যোগটোৰ কোনো সম্পৰ্ক নাই আৰু সেই পাৰ্মিটখন অবৈধ বুলি উল্লেখ কৰা হৈছে ৷

jitu-goswami-press-meet
"গুৱাহাটীত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই": জিতু গোস্বামী

By

Published : Oct 16, 2020, 10:46 PM IST

গুৱাহাটী, ১৬ অক্টোবৰঃবুধবাৰে আবকাৰী বিভাগৰ এক অভিযানত জব্দ হোৱা সুৰাৰ সৈতে নাম সাঙোৰ খোৱা বিজেপি নেতা জিতু গোস্বামীয়ে মহানগৰীৰ লিলি হোটেলত এক সংবাদ মেল অনুষ্ঠিত কৰি উক্ত সুৰা জব্দ ঘটনাৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ দিয়ে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশ আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামীয়ে কয়, ‘‘কেতবোৰ বিশেষ সংবাদ মাধ্যমে এই বুলি প্ৰতিবেদন প্ৰকাশ কৰে যে, বুধবাৰে সোণাপুৰত নিশা জব্দ হোৱা সুৰাৰ ট্ৰাকখন হিমালয়ান ডিষ্টেলেৰীৰ আছিল য’ত মইও এজন অংশীদাৰ হিচাপে আছো ৷ জব্দ হোৱা ট্ৰাকখনৰ সৈতে হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড অথবা মোৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই ৷ ট্ৰাকখন আছিল অবৈধ আৰু কিছুমান দুষ্কৃতিকাৰীয়ে মোৰ অপযশ আনিবলৈ সমগ্ৰ ঘটনাটোৰ সৈতে মোৰ নামটো সাঙুৰি দিয়ে’’, গোস্বামীয়ে এইদৰে কয় ৷

"গুৱাহাটীত জব্দ হোৱা সুৰাৰ ট্ৰাকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই": জিতু গোস্বামী
জিতু গোস্বামীয়ে লগতে এইদৰে কয়," ৰাজহুৱাভাৱে মোৰ নাম নষ্ট কৰিবলৈ বিচৰা একাংশ লোকৰ দ্বাৰা ট্ৰাকখন পৰিচালিত হোৱাৰ লগতে কেতবোৰ সংবাদ মাধ্যমে কেৱল এখন হাতে লিখা পৰিবহণ পাৰ্মিটৰ ভিত্তিত বাতৰি প্ৰতিবেদন হোৱা পৰিলক্ষিত হৈছে ৷ এক দায়িত্বশীল সংস্থা হিচাপে আমি আবকাৰী বিভাগৰ নীতি-নিয়মসমূহৰ বিষয়ে ভালদৰেই অৱগত ৷ ২০১৬ চনত ভাৰতীয় জনতা দলৰ চৰকাৰে ৰাজ্যখনত আবকাৰী পৰিবহণ পাৰ্মিটৰ নিয়ামক সন্দৰ্ভত কেতবোৰ পৰিৱৰ্তন সাধন কৰিছিল ৷ আমাৰ ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমি সদায়েই আমাৰ সামগ্ৰীসমূহ যেনে বটলত থকা সুৰা অসম আবকাৰী বিভাগৰ দ্বাৰা সেউজ সংকেত পালেহে পৰিবহণ কৰো; তাৰোপৰি বৰ্তমান পাৰ্মিটৰ ডিজিটেল প্ৰতিলিপিৰো প্ৰয়োজন হয় ৷ ’’

উল্লেখ্য যে, বুধবাৰে নিশা আবকাৰীৰ এক তদন্তকাৰী দলে এএছ-০১-জিচি-৪১৯৭ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে, য’ৰ পৰা বৃহৎ সংখ্যক অবৈধ দেশীয় সুৰা জব্দ কৰা হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ পৰা হিমালয়ান ডিষ্টিলেৰী প্ৰাইভেট লিমিটেডৰ এখন হাতে লিখা পাৰ্মিট উদ্ধাৰ কৰে ৷ কিন্তু সেই হাতে লিখা পাৰ্মিটখনৰ সৈতে উদ্যোগটোৰ কোনো সম্পৰ্ক নাই আৰু সেই পাৰ্মিটখন অবৈধ বুলি উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: কল্পনা পাটোৱাৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details