অসম

assam

চিঠি লিখি অসমৰ কংগ্ৰেছ নেতাক সংযত হোৱাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ

By

Published : Oct 30, 2020, 9:36 PM IST

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ কংগ্ৰেছ নেতাসকলৰ এনে মতিগতি দেখি উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড । যাৰ ফলস্বৰূপে ২৫ অক্টোবৰত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এক নিৰ্দেশ যোগে ৰাজ্যৰ কংগ্ৰেছ নেতাসকলক সংযত হ’বলৈ, নিজৰ ইচ্ছা অনুসৰি সভা সমিতি অনুষ্ঠিত কৰি নুফুৰিবলৈ নিৰ্দেশ জাৰি কৰিব লগীয়া হৈছে ।

apcc
apcc

গুৱাহাটী, ৩০ অক্টোবৰ : এফালে যদি বিধায়ক শ্বেৰমান আলী, আনফালে ৰকিবুল হুছেইন । কাৰো মুখত লেকাম নোহোৱা হৈছে । কোনেও নমনা হৈছে দলীয় নেতৃত্বক । মুঠতে এক কথাত প্ৰদেশ কংগ্ৰেছত যেন এতিয়া চলিছে এক অৰাজক অৱস্থা । যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাত অলপো কৃপণালি কৰা নাই শাসকীয় বিজেপি দলে । মিঞা মিউজিয়ামৰ কথা কৈ কংগ্ৰেছক বিপদত পেলোৱা বিধায়ক শ্বেৰমান আলী আহমেদক মুখ বন্ধ ৰাখিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই লিখিত নিৰ্দেশ দিয়াৰ পিচতো অহৰ্নিশে ৰাজহুৱাকৈ মন্তব্য কৰিয়েই গৈছে বিধায়ক শ্বেৰমান আলী আহমেদে ।

চিঠি লিখি অসমৰ কংগ্ৰেছ নেতাক সংযত হোৱাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ কংগ্ৰেছ নেতাসকলৰ এনে মতিগতি দেখি উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছ হাইকমাণ্ড । যাৰ ফলস্বৰূপে ২৫ অক্টোবৰত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এক নিৰ্দেশ যোগে ৰাজ্যৰ কংগ্ৰেছ নেতাসকলক সংযত হ’বলৈ, নিজৰ ইচ্ছা অনুসৰি সভা সমিতি অনুষ্ঠিত কৰি নুফুৰিবলৈ নিৰ্দেশ জাৰি কৰিব লগীয়া হৈছে ।

ই টিভি ভাৰতৰ হাতত আহি পৰিছে জিতেন্দ্ৰ সিঙৰ সেই নিৰ্দেশৰ প্ৰতিলিপি । নিৰ্দেশটোত স্পষ্টকৈ কোৱা হৈছে যে প্ৰদেশ কংগ্ৰেছৰ একাংশ টিকট প্ৰত্যাশীয়ে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন ঠাইত সভা সমিতি কৰি থকাটো দলীয় নেতৃত্বৰ দৃষ্টিগোচৰ হৈছে । অসমৰ কংগ্ৰেছ নেতাসকলে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দলীয় নীতি-নিয়ম মানি চলাটো উচিত । সকলো নেতাই যাতে প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ বা ব্লক কংগ্ৰেছ কমিটীসমূহৰ সৈতে আলোচনা কৰিহে এনেধৰণৰ সভা-সমিতিত ভাগ লয় । লগতে নেতাসকলে ৰাজহুৱাকৈ বা সংবাদ মাধ্যমৰ আগত মন্তব্য কৰোতেও সাৱধান হ’বলৈ নিৰ্দেশটোত জিতেন্দ্ৰ সিঙে সকীয়াই দিছে ।

মন কৰিবলগীয়া যে, এই নিৰ্দেশ পায়েই সম্প্ৰতি নিজাববীয়াকৈ উজনি অসমত সভা সমিতি কৰি ফুৰা ৰকিবুল হুছেইনে নিজৰ অভিযান আধাতে সামৰিছে ।আজি তিতাবৰত তেওঁ এখন দলীয় সভাত ভাগ লোৱাৰ কথা আছিল যদিও মুৰকত সেয়া বাতিল কৰা হয় ।

লগতে পঢ়ক :কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

ABOUT THE AUTHOR

...view details