অসম

assam

By

Published : Jul 25, 2020, 10:49 PM IST

ETV Bharat / state

ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে: ২৭ জনৰ মৃত্যু

২০১৯ ৰ ২৪ জুলাইৰ দিনটোলৈকে অসমত জাপানীজ এনকেফেলাইটিছত ৫২১ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছিল ১১৮ গৰাকী লোকৰ ৷ এইবাৰ ২৪ জুলাই পৰ্যন্ত এই ৰোগত সমগ্ৰ ৰাজ্যখনত আক্ৰান্ত হৈছে ১৯৫ গৰাকী লোক আৰু প্ৰাণহানি হৈছে ২৭ গৰাকীৰ ৷

Japanese encephalitis becomes more deathly
Japanese encephalitis becomes more deathly

গুৱাহাটী, ২৫ জুলাইঃ ক'ভিডৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাখনো জিলাত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱ ৷ ইতিমধ্যে ৰাজ্যৰ ১৭ খন জিলাত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱাইছে ২৭ গৰাকী লোকে ৷ শনিবাৰে ই টিভি ভাৰতৰ আগত এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰিয়া) তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূৰীয়ে ৷ তেওঁ প্ৰকাশ কৰা মতে কালিৰ দিনটো অৰ্থাৎ ২৪ জুলাইলৈকে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱাইছে ২৭ গৰাকী লোকে । এইসকলৰ ভিতৰত আছে বৰপেটাৰ চাৰিজন, মৰিগাৱৰ তিনিজন, শিৱসাগৰৰ তিনিজন, কামৰূপ (ম) ৰ এজন, শোণিতপুৰৰ এজন, গোলাঘাটৰ এজন, দৰঙৰ এজন, কাৰ্বি আংলঙৰ এজন, ওদালগুৰিৰ এজন, কাছাৰৰ এজন, গোৱালপাৰাৰ এজন, ধেমাজিৰ এজন, নলবাৰীৰ এজন, মাজুলীৰ এজন, যোৰহাটৰ এজন, ডিব্ৰুগড়ৰ এজন আৰু কামৰূপৰ দুজন ৷

ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ

মন কৰিবলগীয়া যে, ২০১৯ ৰ ২৪ জুলাইৰ দিনটোলৈকে অসমত জাপানীজ এনকেফেলাইটিছত ৫২১ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছিল ১১৮ গৰাকী লোকৰ ৷ এইবাৰ ২৪ জুলাই পৰ্যন্ত এই ৰোগত সমগ্ৰ ৰাজ্যখনত আক্ৰান্ত হৈছে ১৯৫ গৰাকী লোক আৰু প্ৰাণহানি হৈছে ২৭ গৰাকীৰ ৷

জাপানীজ এনকেফেলাইটিছে সৰ্বাধিক প্ৰভাৱ পেলাইছে তিনিখন জিলাত ৷ ডাঃ চূৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে সৰ্বাধিক প্ৰভাৱ পেলোৱা জিলাখন হ'ল বৰপেটা । বৰপেটাত এতিয়ালৈকে ১৬ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ আনহাতে, যোৰহাটত ১৫ গৰাকী আৰু নগাঁৱত ১৪ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি তেওঁ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃমহানগৰীত ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক !

ABOUT THE AUTHOR

...view details