অসম

assam

By

Published : Oct 22, 2019, 5:15 AM IST

ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুধৰ্ষ চোৰ

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুৰ্ধৰ্ষ চোৰ । মহানগৰীৰ গোটানগৰৰ ফণী তালুকদাৰ নামৰ এজন লোকৰ বিল্ডিংৰ পৰা বহুটো সামগ্ৰী চুৰি কৰিছিল এই দুই চোৰে ।

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুধৰ্ষ চোৰ


গুৱাহাটী,21 অক্টোবৰঃ দেওবাৰে জালুকবাৰী আৰক্ষী চকীৰ অতিৰিক্ত আৰক্ষী উপ-পৰিদৰ্শক ৰাজু দেৱৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আমিনগাঁৱত অভিযান চলাই ৰমজান আলী আৰু জিয়াউল হক ওৰফে জিন্টু নামৰ দুৰ্ধৰ্ষ দুটা চোৰ আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটাই মহানগৰীৰ গোটানগৰৰ ফণী তালুকদাৰ নামৰ এজন লোকৰ গৃহৰ পৰা বহুটো সামগ্ৰী চুৰি কৰিছিল ৷ পিছত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আদাবাৰীৰ ডেম্পৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি সামগ্ৰীসমূহ । ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডেম্পৰ মালিক বাছেৰ আলীকো আটক কৰে । উল্লেখ্য যে চুৰি সামগ্ৰী বাছেৰ আলী নামৰ লোক এজনৰ ডেম্পত বিক্ৰী কৰিছিল অভিযুক্ত চোৰ দুটাই ৷

জালুকবাৰী আৰক্ষীৰ জালত দুটাকৈ দুধৰ্ষ চোৰ

ABOUT THE AUTHOR

...view details