অসম

assam

By

Published : May 19, 2023, 10:50 PM IST

ETV Bharat / state

Assam BJP conflict: ক্ষুব্ধ ! অসন্তুষ্ট ! বিজেপিত ব্যৱধান বাঢ়িছে ৰণজিৎ কুমাৰ দাস আৰু ভৱেশ কলিতাৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত বৃদ্ধি পাইছে নেকি দলীয়া বিবাদ আৰু বিসম্বাদ ? শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰণজিৎ দাস আৰু বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ মাজত যেন আৰম্ভ হৈছে মুকলি সংঘাত (Conflict in Assam BJP) ৷

Assam BJP conflict
Assam BJP conflict

গুৱাহাটী, ১৯ মে’ : আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা অসম বিজেপিৰ ৷ তাৰ সমান্তৰালভাৱে কিন্তু বৃদ্ধি পাইছে দলটোৰ দলীয় বিবাদ আৰু অসন্তুষ্টি ৷ এতিয়ালৈকে প্ৰকট হৈ আহিছিল দুই কেৱল ন-পুৰণি বিজেপিৰ সংঘাতৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাপন্থী আৰু সৰ্বানন্দ সোণোৱাল পন্থীৰ মাজৰ শীতল যুদ্ধ ৷ এইবাৰ লাহে-লাহে মুকলি হৈছে আন এক সংঘাত (Factional feud in Assam BJP) ৷

এই সংঘাত ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ দাস (Ranjit Dass) আৰু বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita) মাজৰ সংঘাত ৷ আনকি এই ব্যৱধানে এনে পৰ্যায় পাইছেগৈ যে, একেখন দলীয় ৰাজহুৱা মঞ্চত নবহিল প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ সভাপতি ৷ মন্ত্ৰী ৰণজিৎ দাস আৰু ভৱেশ কলিতাৰ মাজৰ ব্যৱধান বাঢ়িছে বুলি এতিয়া বিজেপিৰ ভিতৰ চ’ৰাৰ লগতে সৰ্বত্ৰ ৰাজনৈতিক চৰ্চা চলিছে ৷ ভিতৰি ভিতৰি সংঘাত আছিল যদিও শেহতীয়াভাৱে এই সংঘাতৰ বৰ্হিপ্ৰকাশ ঘটিছে ৷

মনকৰিব লগীয়া যে, অলপতে প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ দাসে আগন্তুক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি অহংকাৰ পৰিহাৰ কৰি আগবাঢ়িবলৈ এক আহ্বান জনাইছিল ৷ ৰঞ্জিত দাসে কৈছিল, “যিহেতু লোকসভা নিৰ্বাচন পালেহি ৷ আমাৰ কিছু কৰ্ম-কৰ্তাৰ মাজত অহংকাৰ বাঢ়িছে ৷ অহংভাৱ সৃষ্টি হৈছে দুবাৰকৈ চৰকাৰ গঠন হোৱা বাবে ৷ সেয়েহে সেইসকলক এনে অহংকাৰ এৰিবলৈ মই আহ্বান জনাইছো ৷”

ৰণজিৎ দাসৰ এই আহ্বানৰ কাঢ়া প্ৰত্যুত্তৰ দিছে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ কলিতাৰ আক্ৰমণাত্মক মন্তব্য, “মই নাজানো কাৰ কাৰ অহংকাৰ হৈছে ৷ ৰণজিৎ দাসহঁতে... তেখেতসকলৰ যদি অহংকাৰ হৈছে তেন্তে পৰিহাৰ কৰক ৷ আমি সেৱাৰ মনোভাৱেৰে কাম কৰি আছো ৷ ইয়াত অহংকাৰৰ কথা নাহে ৷” এইদৰেই আক্ৰমণাত্মক প্ৰত্যুত্তৰ প্ৰাক্তন সভাপতি ৰণজিৎ দাসক (Internal conflict in Assam BJP) ৷

কথা সিমানেই নহয় ৷ দুদিন পূৰ্বে কথা আন কোনোবাখিনি পালেগৈ ৷ তিনিচুকীয়াত এখন দলীয় সভাৰ মঞ্চতে একেলগে নবহিল ৰণজিৎ দাস আৰু ভৱেশ কলিতা ৷ মঞ্চত আন মন্ত্ৰী-বিধায়ক সকলো বহি থকা দেখা গ’ল । দেখা নগ’ল জিলাখনৰ তত্বাৱধায়ক মন্ত্ৰী ৰণজিৎ দাসক ৷ মন্ত্ৰী দাসক দেখা গ’ল দলীয় কৰ্মীৰ শেষৰফালৰ শাৰীত ৷ আনকি বিচাৰি গৈ তাত গৈ গামোছা পিন্ধাব লগীয়া হ’ল দলৰ কৰ্মীয়ে ৷

এতিয়া এই লৈ চৰ্চা অব্যাহত আছে যে মঞ্চত স্থান নিদিলে নে নিজে গৈ ভৱেশ কলিতাৰ সৈতে শাৰী পূৰাই নবহিলে ৰণজিৎ দাসে ? অৱশ্যে মন্ত্ৰী ৰণজিৎ দাসৰ দাবী যে, তেওঁ স্বেচ্ছাইহে মঞ্চৰ তলত কৰ্মীৰ সৈতে বহিছিল ৷ মঞ্চত বহাৰ তালিকাত তেওঁৰ নাম আছিল ৷ কিন্তু তেওঁ যিহেতু জিলাখনৰ তত্বাৱধায়ক মন্ত্ৰী, সেয়ে মঞ্চৰ তলত গৃহস্থৰ ভূমিকা পালন কৰি কৰ্মকৰ্তাৰ সৈতে বহিছিল এজন কৰ্মকৰ্তা হিচাবে ৷

কিন্তু চৰ্চা চলিছে যে ব্যৱধান বাঢ়িছে দুয়োজনৰ ৷ সেয়ে ভৱেশ কলিতাৰ সৈতে শাৰী পূৰাই নবহি কৰ্মকৰ্তাৰ সৈতে একেলগে বহি ভৱেশ কলিতাক প্ৰত্যুত্তৰ দিলে ৰণজিৎ দাসে ৷ আনহাতে, আজি অৰ্থাৎ শুকুৰবাৰে লোকসভা নিৰ্বিচনৰ প্ৰস্তুতি স্বৰূপে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভা অনুষ্ঠিত কৰে ৷ ১৯ আৰু ২০ মে’ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সভা ৷ শুকুৰবাৰে বিয়লি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক:PM Fasal Bima Yojana: ২৩৪ কোটি টকাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details