অসম

assam

By

Published : Oct 6, 2022, 7:27 PM IST

ETV Bharat / state

অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন ?

স্বচ্ছ ভাৰত মিছন ঘোষণা হোৱাৰ ৮ বছৰ হৈ গ'ল (Swachh Bharat Mission in India)। কিন্তু এই আঁচনি অসমত সফল হৈছে নে ? অসমৰ ৭ খন পৌৰ এলেকাতহে ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰা হয় । বাকী ৯৩ খন পৌৰ এলেকাত জাৱৰ পেলোৱা স্থান নাই । মাত্ৰ ডিব্ৰুগড় পৌৰ এলেকাত বিজ্ঞানসন্মত জাৱৰ পৰিশোধনৰ ব্যৱস্থা আছে ।

Swachh Bharat
অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন

গুৱাহাটী,৬ অক্টোবৰ :২০১৪ চনৰ দুই অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা নতুন দিল্লীৰ ৰাজঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ দুই অক্টোবৰৰ ভিতৰত পৰিষ্কাৰ তথা আৱৰ্জনামুক্ত ভাৰত গঢ়াৰ সংকল্প লৈ উদাত্ত কণ্ঠেৰে স্বচ্ছ ভাৰত মিছন ঘোষণা কৰিছিল (Swachh Bharat Mission)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত মিছন ঘোষণাৰ আজি আঠ বছৰ পিছত দেশ তথা ৰাজ্য পৰিষ্কাৰ তথা আৱৰ্জনামুক্তকৈ গঢ়ি তোলাৰ সংকল্প কাৰ্যকৰী কৰা দূৰৈৰ কথা, দৈনিক সৃষ্টি হোৱা জাৱৰে সংগ্ৰহ কৰিব পৰা অৱস্থা গঢ়ি উঠা নাই‌ ।

স্বচ্ছ ভাৰত মিছনৰ নামত চেলিব্ৰেটিৰ দ্বাৰা বিজ্ঞাপন দিয়া, সভা সমিতি পতা আৰু আৱৰ্জনা চাফাইৰ নামত কোটি কোটি ৰাইজৰ ধন খৰছ কৰাৰ পিছতো ৰাজ্যত স্বচ্ছ ভাৰত মিছন ফুটুকাৰ ফেনত পৰিণত হৈছে (Swachh Bharat Mission Expenditure)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত মিছন ঘোষণাৰ আজি আঠ বছৰ পিছতো ৰাজ্যৰ নগৰাঞ্চলত স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে আৱৰ্জনা সংগ্ৰহ কৰা আৰু নিষ্কাশন কৰা কোনো কামেই বিজ্ঞানসন্মতভাৱে হোৱা নাই‌ ।

অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন

ৰাজ্যৰ গ্ৰামাঞ্চলত আৱৰ্জনা স‍‍ংগ্ৰহ কৰা আংশিকভাৱে আৰম্ভ হৈছে যদিও সেয়া বিজ্ঞানসন্মত নহয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঢাক-ঢোল বজাই আৰম্ভ কৰা স্বচছ ভাৰত মিছন ভেকো-ভাওনাৰে ভৰা আঁচনিলৈ পৰিণত হৈছে ৷

অসমতো স্বচ্ছ ভাৰত মিছন ভেকো-ভাওনাত পৰিণত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আঁচনিখনৰ নামত বিজ্ঞাপনতে ব্যাপক ধন খৰছ কৰা চৰকাৰখনে স্বচ্ছ ভাৰত মিছন আঠ বছৰতো কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে ৷ স্বচ্ছ ভাৰত মিছনৰ অতি জৰুৰী তিনিটা কাম ক্ৰমে ঘৰে ঘৰে শৌচাগাৰ উপলব্ধ কৰা, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ অভাৱ পূৰণ কৰা আৰু বিজ্ঞানসম্মতভাৱে জাৱৰ সংগ্ৰহ আৰু পৰিশোধনৰ ব্যৱস্থা কৰা কামবোৰ ভেকো-ভাওনাৰে কৰি থকাৰ তথ্য পোৱা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যত ১০০ খন নগৰ কমিটী আছে ৷ অৰ্থ্যাৎ গুৱাহাটী পৌৰ নিগমকে ধৰি ৰাজ্যত মুঠ ১০০ খন পৌৰ সভা, পৌৰ কমিটী আছে ৷ কিন্তু স্বচ্ছ ভাৰত মিছন(নগৰ) অসমে ৯৬ খন নগৰকে সামৰি লৈছে ৷ বাকী শিলচৰৰ ৰামকৃষ্ণ নগৰ, মাজুলী, গোলকগঞ্জ, চতিয়া নগৰক এতিয়াও স্বচ্ছ ভাৰত মিছন(নগৰ) অসমে সামৰি ল’ব পৰা নাই ৷

অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন

দেশৰ অন্য ৰাজ্যবোৰৰ নগৰবোৰত এই আঁচনিখন আৰম্ভ হোৱাৰ দুবছৰ পিছতহে অসমত এই মিছনৰ কাম ২০১৭ চনৰ পৰা আৰম্ভ হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা পলমকৈ অৰ্থ্যাৎ ২০১৬ চনৰ শেষত স্বচ্ছ ভাৰত মিছন(নগৰ) অসমে টকা পোৱাৰ পিছতহে কাম আৰম্ভ কৰে ৷ স্বচ্ছ ভাৰত মিছন(নগৰ) অসমৰ তথ্য মতে ২০১৬ চনত ৰাজ্যত স্বচ্ছ ভাৰত মিছন (নগৰ) অসমে ৰাজ্যত ২০১৬ চনৰ পৰা ২০২০ চনৰ ২ অক্টোবৰৰ ভিতৰত ২০০০ টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৷ নিৰ্ধাৰণ কৰা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ ভিতৰত এতিয়ালৈ মাত্ৰ ৫০০ টা ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰহে নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ কোনো পাৰ্থক্য নৰখাকৈ নিৰ্মাণ কৰা হৈছে ৷ এইধৰণৰ ব্যৱস্থাপনাৰ মাজেৰে স্বচ্ছ ভাৰত অভিযান(নগৰ) অসমে সামৰি লোৱা ৰাজ্যৰ ৯৬ নগৰ কমিটীৰ ৯১ নগৰ কমিটীয়ে নিজাববীয়াকৈ মুকলিত মল মুক্ত নগৰ (Open defecation free city) হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত ৩৩ খন নগৰ কমিটীক কেন্দ্ৰীয় চৰকাৰে মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰিছে ৷ নগৰ কমিটীয়ে নিজাববীয়াকৈ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰা প্ৰক্ৰিয়াটোত কিমান নিৰ্ভৰযোগ্যতা আছে তাকে লৈ প্ৰশ্ন উঠিছে ৷

কেন্দ্ৰীয় চৰকাৰে মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰা হাইলাকান্দি পৌৰ সভাৰ বিষয়া অৰুণ দাসে কয়, ‘‘হাইলাকান্দি নগৰত ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ প্ৰয়োজন আছে ৷ কিন্তু ধনৰ অভাৱৰ বাবে ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ কৰিব পৰা নাই ৷ তেওঁ লগতে জনায় যে এতিয়াও ১০০ টা ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ কৰিব বাকী আছে ৷ এইখিনি শৌচাগাৰ নিৰ্মাণৰ বাবে টকা পোৱা নাই’’ ৷

অসমত ৮ বছৰত কিমান সফল স্বচ্ছ ভাৰত মিছন

ইয়াৰ পৰা দেখা যায় যে, এনেদৰে ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ নগৰবোৰ মুকলিত মল মুক্ত নগৰ হিচাপে ঘোষণা কৰি আছে ৷ মুকলিত মল মুক্ত হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত মিছনে (নগৰ) নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী পৌৰ সভাবোৰে পালন কৰা দেখা নাযায় ৷ কিন্তু বাস্তৱত স্থানীয় নিকায়সমূহে নগৰখনত প্ৰথমে ব্যক্তিগত, ৰাজহুৱা আৰু উমৈহতীয়া শৌচাগাৰৰ অভাৱ পূৰণ নকৰাকৈ তিনিমাহৰ ঠাইত তিনিদিনত পৰীক্ষণৰ ব্যৱস্থা কৰাৰ পিছত নিজাববীয়াকৈ নগৰখন মুকলিত মল মুক্ত হিচাপে ঘোষণা কৰি আছে ৷

ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ যথেষ্ঠ অভাৱ আছে (Swachh Bharat Mission in Guwahati)। স্বচ্ছ ভাৰত মিছনৰ তথ্য মতে ৰাজ্যৰ ১০০ খন পৌৰ এলেকাৰ ভিতৰত মাত্ৰ গুৱাহাটী মহানগৰীকে ধৰি শিলচৰ, উম্ৰাংচু, হাফলং, বদৰপুৰ, মাইবাং, কৰিমগঞ্জ আৰু শিৱসাগৰ, এই ৭ খন পৌৰ এলেকাতহে ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰা হয় । আকৌ এই সাতখন পৌৰ এলেকাৰ বাহিৰে বাকী ৯৩ খন পৌৰ এলেকাত জাৱৰ পেলোৱা স্থান নাই ।

আকৌ ৰাজ্যৰ ১০০ খন পৌৰ এলেকাৰ ভিতৰত মাত্ৰ ডিব্ৰুগড় পৌৰ এলেকাত বিজ্ঞানসন্মত জাৱৰ পৰিশোধনৰ ব্যৱস্থা আছে । আনকি ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে বিজ্ঞানসন্মত জাৱৰ পৰিশোধনৰ ব্যৱস্থা নাই ।

উল্লেখ্য যে যোৱা পৌৰ সভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ পৌৰ এলেকাৰ বাবে বিজ্ঞানসম্মতভাৱে জাৱৰ সংগ্ৰহ কৰা আৰু নিষ্কাশন কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল । কিন্তু এই প্ৰতিশ্ৰুতি কাগজতে আছে ।

লগতে পঢ়ক :ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ পালন

ABOUT THE AUTHOR

...view details