অসম

assam

ETV Bharat / state

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল - জলসিঞ্চন

ফলাফল ঘোষণাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষা। ৱেবছাইটত প্ৰকাশিত হ'ল ছীল, মোহৰ,স্বাক্ষৰ বিহীন বাছনি তালিকা। মন্ত্ৰী ভৱেশ কলিতাই উকা উত্তৰবহী জমা দিবলৈ কোৱাৰ অভিযোগ প্ৰাৰ্থীৰ।

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল
বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

By

Published : Oct 14, 2020, 1:41 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ: জলসিঞ্চনৰ শাখা সহা‌য়ক পদৰ পৰীক্ষাৰ বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। ব্লেকলিষ্টেড ঠিকাদাৰী প্ৰতিষ্ঠান এপটেকে অনুষ্ঠিত কৰা ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে ফলাফলৰ তালিকা বহিৰ্ভূত একাংশ প্ৰাৰ্থী। উত্তীৰ্ণ প্ৰাৰ্থীৰ ৰোল নাম্বাৰ সম্বলিত কৰা হৈছে ফলাফলৰ তালিকাত। কিন্তু এইখন তালিকাত উচ্চপদস্থ বিষয়াৰ চহী,ছীল,মোহৰ নথকাত সন্দেহৰ অৱকাশ ঘটিছে। বাছনি তালিকাত 'জলসিঞ্চন বিভাগ'বুলি কোনো শব্দ উল্লেখ নাই।

বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল

ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বহু প্ৰাৰ্থী। আনকি,ৰূপম দাস নামৰ এগৰাকী প্ৰাৰ্থীয়ে ফেচবুক পোষ্টৰ জৰিয়তে মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ পোষ্টটোত উল্লেখ কৰিছে যে,ভৱেশ কলিতাই শাখা সহায়ক পদৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু পৰীক্ষা গৃহত উকা অ' এম আৰু ছীট জমা দিবলৈ কৈছিল। আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত থকাৰ সময়তে যুৱকজনৰ এই অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ABOUT THE AUTHOR

...view details