অসম

assam

ETV Bharat / state

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত

কেইবাটাও অপৰাধমুলক কাৰ্য কলাপৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ চাইবাৰ এক্সপাৰ্টে পৰীক্ষা কৰি আছে মোবাইল

By

Published : Aug 9, 2019, 7:15 PM IST

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত

গুৱাহাটী, 9 আগষ্ট : শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা কেইবাটাও অপৰাধমূলক কাৰ্য কলাপৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনালে এই কথা ৷ 7 আগষ্টত গায়িকা কৰবী দাসৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা সন্দৰ্ভত আই পি চি ধাৰা 306 ৰ অধীনত 299/19 নং গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ইতিমধ্যে প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিছে । মৃত যুৱতীগৰাকীৰ মোবাইল ফোন চাইবাৰ এক্সপাৰ্টে পৰীক্ষা কৰি আছে বুলি জনায় আয়ুক্তগৰাকীয়ে ।

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত

ইফালে, একেদিনাই মহানগৰীৰ ৰুক্মিণী নগৰৰ এগৰাকী যুৱতী দেৱীনা বৰুৱা গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হৈছিল আৰু এক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দেৱীনা বৰুৱাক । এই ঘটনা সন্দৰ্ভতো দেৱীনা বৰুৱাৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী আয়ুক্তই জানিবলৈ দিয়ে । আনহাতে যোৰাবাটৰ আৰক্ষী বিষয়াজনে মোবাইল চুৰি কৰা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে, এই সন্দৰ্ভত তদন্ত কৰি থকা হৈছে, যদি তেখেতে ফোন চুৰি কৰিছে তেনেহ’লে চুৰি কৰাৰ অপৰাধত দোষীয়ে যি শাস্তি পায় তেখেতকো সেই শাস্তিয়ে প্ৰদান কৰা হ’ব ।

ABOUT THE AUTHOR

...view details