গুৱাহাটী, 1 মে':সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ’ণা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই আৰম্ভ কৰিছে গৱেষণা । যাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ শিক্ষাৰ্থী সকলে COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেশ্যন বক্স । বৰ্তমান এইমছ্কে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে এই বক্স ।
চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বাবে ইন্টিউবেশ্যন বক্স নিৰ্মাণ IITৰ ছাত্ৰৰ - বায়’ চাইঞ্চ
গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ইন্টিউবেশ্যন বক্স ।
ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয় বুলি জানিব পৰা গৈছে । ইন্টিউবেশ্যন বক্সৰ ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয় হ্ৰাস পায় । কিয়নো কাহ মাৰিলে অথবা বতাহত হাঁচিয়ালে ই বস্কৰ ভিতৰতে আবদ্ধ হয় । গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ উমঙ্গ মাথুৰে জানিবলৈ দিয়া মতে, এই বাকচ সমূহ ১০০ শতাংশই সুৰক্ষিত । আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ৷ প্ৰতিষ্ঠানটোৰ 6 জনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰতীক মনছা, ব্ৰিশাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাংক পানবাৰে এই বক্সটো নিৰ্মাণ কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে আন এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰিঙৰ গৱেষক ছাত্ৰ সঞ্চিত জুনজুনৱালাই । উল্লেখ্য যে, প্ৰতিটো বক্সৰ নামত ব্যয় হোৱা মূল্য 2000 টকা ।
লগতে পঢ়কঃবিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ