অসম

assam

ETV Bharat / state

পাণ্ডু-মালিগাঁৱৰ ৰেল কোৱাৰ্টাৰত বেদখলকাৰীৰ অবৈধ বেদখল - গুৱাহাটী

খোদ ৰেল আৰক্ষীৰ মুখতো বিভাগীয় বিষয়া জড়িত থকাৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰেল কোৱাৰ্টাৰত বেদখলকাৰীৰ অবৈধ বেদখল

By

Published : Mar 12, 2019, 4:36 PM IST

গুৱাহাটী , ১২ মাৰ্চ :এতিয়া বেদখলকাৰীৰ কবলত মহানগৰীৰ পাণ্ডু-মালিগাঁৱৰ ৰেল কোৱাৰ্টাৰ । একাংশ ৰেল বিভাগৰ বিষয়াক মেনেজ কৰি অবৈধভাৱে কোৱাৰ্টাৰ সমূহ বেদখল কৰাৰ অভিযোগ ।

ৰেল কোৱাৰ্টাৰত বেদখলকাৰীৰ অবৈধ বেদখল

"বিভিন্ন সময়ত ৰেল আৰক্ষীয়ে উচ্ছেদ অভিযান চলাই যদিও সেই কাৰ্যত কোনো ফলপ্ৰসূ নহয়। " খোদ ৰেল আৰক্ষীয়ে প্ৰকাশ কৰিলে এই বিস্ফোৰক স্বীকাৰোক্তি ।ইপিনে একাংশ ৰেল কৰ্মচাৰীয়ে নিজৰ নামত আৱন্টিত কোৱাৰ্টাৰ সমূহ অন্য লোকক ভাড়ালৈ দিয়া ঘটনাও প্ৰতক্ষ্য কৰা হৈছে । তাৰোপৰি কোৱাৰ্টাৰ চৌহদত নিজ ইচ্ছা অনুযায়ী ঘৰ সাজি ভাড়ালৈ দিয়ে ৰেল কৰ্মচাৰীয়ে । এই কোৱাৰ্টাসমূহতে বিভিন্ন সময়ত সংঘটিত হৈ আছে বিভিন্ন অপৰাধজনিত ঘটনা । আনহাতে সম্পূৰ্ণ অবৈধভাৱে এই কাৰ্য চলাই আহিছে যদিও নিৰৱ-নিশ্চুপ ভূমিকা দেখুৱাইছে ৰেল বিভাগে । এতিয়া প্ৰশ্ন হয় কিয় বেদখলকাৰীৰ ওপৰত ব্যৱস্থা নলয় ৰেল বিভাগে, নে ৰেল বিভাগৰ একাংশই ধন সংগ্ৰহৰ আহিলা হিচাপে লৈছে কোৱাৰ্টাৰসমূহ।

ABOUT THE AUTHOR

...view details