গুৱাহাটী,11 মাৰ্চঃবুধবাৰে অসম বিধানসভাৰ চৌহদত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ-এ আই ইউ ডি এফে মিত্ৰতা কৰাৰ সন্দৰ্ভত মুখ খোলে ৷ এই মিত্ৰতা দুয়োটা দলে পটেছিয়াম-ছাইনাইড খোৱাৰ দৰে হোৱা বুলি কটাক্ষ কৰে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ৷ লগতে ইয়াৰ পৰিণাম দুয়োটা দলে ভুগিব বুলিয়ো মন্তব্য কৰে ৷
আমি ১০০খন আসন লাভেৰে আকৌ দিছপুৰ আহিমঃ প্ৰশান্ত ফুকন - বিজেপি বিধায়ক প্ৰশান্ত ফুকন
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা আগতে ভিতৰি ভিতৰি আছিল, এতিয়া দেখা-দেখিকৈ হৈছে ৷ এই অভিযোগ উত্থাপন বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ ।
২০২১ৰ নিৰ্বাচনত উজনিত কংগ্ৰেছ আৰু নামনিত এ আই ইউ ডি এফক দলক ৰাইজে প্ৰত্যুত্তৰ প্ৰদান কৰিব ৷ "আমি বিজেপিয়ে ১০০খন আসন লাভ কৰি আকৌ দিছপুৰ আহিম" বুলি ফুকনে সাংবাদিকৰ আগত প্ৰকাশ কৰে । ৰাজ্যসভাৰ তৃতীয়খন আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি ফুকনে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ তদুপৰি বাঘ আৰু সিংহৰ কাজিয়াত হৰিণাৰ মাংস শিয়ালে খোৱাৰ দৰে ২০২১ত আমি মাংস খাম বুলি তাৎপৰ্যপূৰ্ণপূৰ্ণ মন্তব্য কৰে প্ৰশান্ত ফুকনে ৷ ৰাজ্যসভাৰ আসন কংগ্ৰেছ আৰু এ আই ইউ ডি এফক নিচুকনি বঁটা হিচাপে প্ৰদান কৰাৰ কথা ঘোষণা কৰে বিধায়ক প্ৰশান্ত ফুকনে ৷
লগতে চাওকঃকংগ্ৰেছ-এআইডিইউএফৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞা