যোগৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি বহু ৰোগঃ ডঃ অনিল কুমাৰ শৰ্মা - মুৰৰ
ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মূৰৰ বিষ,টোপনি নোহোৱা,সন্তান নোহোৱা,স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে যোগাভ্যাসে
গুৱাহাটী, 21 জুনঃ যোগৰ দ্বাৰা বহু ৰোগ নিৰ্মূল কৰাৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰয়াস অব্যাহত ৰাখিছে চিকিৎসক অনিল কুমাৰ শৰ্মাই । তেওঁ কয় যে বিভিন্ন ৰোগ আৰোগ্য কৰাত যোগাসনে প্ৰভূত সহায় কৰে । ককালৰ বিষ,গাঠিৰ বিষ,ডিঙিৰ বিষ,মূৰৰ বিষ,টোপনি নোহোৱা,সন্তান নোহোৱা,স্মৃতি শক্তি কমা আদি বহু ৰোগৰ পৰা সুস্থ হোৱাত সহায় কৰে । বৰ্তমান সময়ত হাস্পতালত নিতৌ 10 জনৰ পৰা 20 জন ৰোগী তেওঁৰ ওচৰলৈ আহে বুলি জানিবলৈ দিয়ে । ৰোগীসকলক তেওঁলোকৰ জীৱন শৈলী উন্নত কৰিবৰ বাবে যোগৰ দ্বাৰা চেষ্টা কৰা হয় । লগতে মানসিক মানসিক চাপ কমাবৰ বাবেও যোগাভ্যাস কৰাটো গুৰুত্বপূৰ্ণ ৷