অসম

assam

ETV Bharat / state

USTM ত আন্তৰ্জাতিক আলোচনাচক্ৰ - আব্দুল মান্নান

USTM ত চাষ্টেইনেৱল ৰুৰেল ডেভলপমেণ্ট' শীৰ্ষক আন্তৰ্জাতিক আলোচনাচক্ৰ ৷ অনুষ্ঠানত USTM ৰ ডঃ পাপীয়া দত্তৰ শিশু শ্ৰম ইন ত্ৰিপুৰা নামৰ গ্ৰন্থ উন্মোচন ৷ 128 খন গৱেষণা পত্ৰ উন্মোচন ৷

USTM ত আন্তৰ্জাতিক আলোচনাচক্ৰ

By

Published : Sep 7, 2019, 10:39 PM IST

গুৱাহাটী, 7 ছেপ্তেম্বৰঃ শুক্ৰবাৰে USTM ত চাষ্টেইনেৱল ৰুৰেল ডেভলপমেণ্ট' শীৰ্ষক আন্তৰ্জাতিক আলোচনাচক্ৰ এটি আয়োজন কৰা হয় ৷ এই আলোচনাচক্ৰখন NIRDPR-NERC আৰু SIPRD অসমৰ সহযোগত আৰু IIE গুৱাহাটী আৰু কৃষি-সংস্কৃতি নতুন দিল্লীৰ সমৰ্থনত আয়োজন কৰা হয় ৷ আলোচনাচক্ৰখনত UGC বাংলাদেশৰ প্ৰাক্তন অধ্যক্ষ আব্দুল মান্নান, পশ্চিমবঙ্গৰ বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ডঃ মহম্মদ নাচিম আলী আৰু সাগৰ মণ্ডল, INC আগৰতলাৰ ডঃ দেবাশিষ নেওগ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ উক্ত অনুষ্ঠানত USTM ৰ ডঃ পাপীয়া দত্তৰ শিশু শ্ৰম ইন ত্ৰিপুৰা নামৰ গ্ৰন্থখনও উন্মোচন কৰা হয় ৷ লগতে ভাৰতৰ বাহিৰেও ইটালী, মেক্সিকো, আফ্ৰিকা, বাংলাদেশ আৰু নেপালৰ মুঠ 128 খন গৱেষণা পত্ৰ উন্মোচন কৰে ৷ উক্ত অনুষ্ঠানত নতুন দিল্লীৰ কৃষি সংস্কৃতিৰ সভাপতি জি সি মিশ্ৰই কয় যে কৃষি, অৰ্থনীতি আৰু পৰিবেশ উন্নতি গৱেষণাৰ কাৰণে উৰিষ্যাৰ পুৰীত বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details