গুৱাহাটী,6 ডিচেম্বৰঃ সমগ্ৰ দেশতে 9 ডিচেম্বৰত পালন কৰা হ'ব "আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস" ৷ তদুপলক্ষে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিব বিভিন্ন কাৰ্যসূচী ৷
এই অনুষ্ঠানত দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা প্ৰদান কৰা হ'ব বহু ৰাজ্যৰ কেইগৰাকী ব্যক্তিক ৷ কিন্তু বঁটা প্ৰদানৰ বাবে প্ৰস্তাৱিত নাম তালিকাৰ পৰা নাম কটা গ'ল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ৷ সেই মন্ত্ৰীগৰাকী হ'ল অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ৷
তালিকাৰ পৰা নাম কটা গ'ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ সমৰ্থন জনোৱাৰ বাবেই সংগঠনটোৱে বঁটা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীক ৷ ইয়াৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ জনোৱা কৃষিমন্ত্ৰী অতুল বৰাকো নাকচ কৰিছে উদ্যোক্তা সমিতিয়ে ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুস্থিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে সংগঠনটোৱে ৷ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সকলো সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷
অহা 9 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷ তাৰোপৰি 10 ডিচেম্বৰতো গণেশগুৰিত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৰ সদস্যসকলে ৷
লগতে চাওকঃদ্বীপৰ বিলত ৰে’লৰ খুন্দাত আহত বন্য হস্তী