গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে প্ৰচাৰ চলাবলৈ নোযোৱাকৈ থকা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুধবাৰৰ দিনটোত সম্পূৰ্ণৰূপে ব্যস্ত হৈ থাকে দক্ষিণ ভাৰতৰ বিশাখাপট্টনমত (Instead of being in Majuli by polls Sonowal busy in Visakhapatnam) ৷ ভাৰতৰ এক অগ্ৰগামী ড্ৰেজিং কোম্পানী ড্ৰেজিং কৰ্প'ৰেচন অব্ ইণ্ডিয়াই ৰাষ্ট্ৰৰ বন্দৰসমূহলৈ সমৰ্পিত ড্ৰেজিং সেৱা আগবঢ়োৱাৰ ৪৫ বছৰ, "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশ হিচাপে সফলতাৰে উদযাপন কৰি আছে । ইয়াৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে বিশাখাপট্টনমত অৱস্থিত ড্ৰেজিং কৰ্প'ৰেচন অব্ ইণ্ডিয়াৰ চৌহদ পৰিদৰ্শন কৰি ড্ৰেজিং সংগ্ৰহালয়ৰ শুভ উদ্বোধন কৰে ।
সংগ্ৰহালয়টোত বিভিন্ন প্ৰকাৰৰ ড্ৰেজাৰ, আনুষংগিক কাৰুশিল্প, পুৰণি আলোকচিত্ৰ, বিভিন্ন প্ৰযুক্তিগত শিল্পকলা, ঐতিহাসিক সমল আদি প্ৰদৰ্শন কৰা হৈছে । তদুপৰি সোণোৱালে বুধবাৰে ড্ৰেজিং কৰ্প'ৰেচন অব্ ইণ্ডিয়াৰ অধ্যক্ষ কে ৰামা মোহন ৰাও, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া ড৹ জি ৱাই ভি ভিক্টৰ প্ৰমুখ্যে অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কোম্পানীটোৰ বিভিন্ন কাম-কাজ আৰু প্ৰকল্পৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীৰ সন্মুখত উচ্চপদস্থ বিষয়ববীয়াই কোম্পানীটোৰ বিকাশ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বিতং উপস্থাপনো দাঙি ধৰে ।