গুৱাহাটী,২৩ ছেপ্টেম্বৰ: মহানগৰীৰ নুনমাটিস্থিত ইণ্ডিয়ান অইলৰ ৰাজ্যিক মুখ্য কার্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰে ইণ্ডিয়ান অইলৰ কাৰ্যবাহী পৰিচালক জী.ৰমেশে(Press meet by Indian oil corporation limited)৷ সংবাদমেলখনত কাৰ্যবাহী পৰিচালকগৰাকীয়ে কয় যে ইণ্ডিয়ান অইলৰ ৯ টা বাল্ক ষ্টোৰেজ ডিপো / টাৰ্মিনেল তিনিচুকীয়া, কামৰূপ, হোজাই, কাছাৰ, শোণিতপুৰ, পশ্চিম ইম্ফল, ত্ৰিপুৰা(এন), পাপুম্পাৰে আৰু ডিমাপুৰত আছে । ৮ টা এলপিজি বটলিং প্ৰকল্প গুৱাহাটী, শিলচৰ, গোপানাৰী, বঙাইগাঁও, চেকমাই, আগৰতলা আৰু ডিমাপুৰত অৱস্থিত, যাৰ জৰিয়তে ৰাজ্যখনৰ এলপিজিৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে ।
ইণ্ডিয়ান অইলৰ আগৰতলা, আইজল লগতে বৰাপানী, চাবুৱা, ডিব্ৰুগড়, ডিমাপুৰ, ডুমা, গুৱাহাটী, ইম্ফল, যোৰহাট, কুম্ভিগ্ৰাম, লীলাবাৰী, নাহৰলগুন, পাচিঘাট আৰু জিৰোত মুঠ ১৫টা বিমান ইন্ধন ষ্টেচন আছে(Indian Oil) । সংবাদমেলত ইণ্ডিয়ান অইলৰ ২০২২-২৩ বর্ষৰ মূল লক্ষ্য উল্লেখ কৰিবলৈ গৈ ইণ্ডিয়ান অইলৰ কাৰ্যবাহী পৰিচালকগৰাকীয়ে অসমৰ বানপানীৰ সময়ত পেট্ৰ'লিয়াম সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান ধৰাৰ বিষয়ে অৱগত কৰে ৷ জী.ৰমেশে পুনৰ কয় যে, ইণ্ডিয়ান অইলৰ ডিইউআৰএপিইভি (DURAPAVE ) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা শিলচৰ বিমানবন্দৰৰ পৰা চহৰলৈ যোৱা পথটো এসপ্তাহ পানীৰ তলত ডুবি থকা স্বত্বেও উৎকৃষ্ট অৱস্থাত আছিল ।
ইফালে,মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ পেট্ৰ'লুৱেম ডিপো/টাৰ্মিনেলৰ বাবে উন্নত পৰ্যায়ৰ ভূমি ইতিমধ্যে চূড়ান্ত কৰা হৈছে বুলি তেওঁ কয় । প্ৰিমিয়াম/সেউজীয়া ইন্ধন উত্তৰ-পূৱত উপলব্ধ কৰা হৈছে । ভাৰতত প্ৰথমবাৰৰ বাবে - মিথানল মিশ্ৰিত পেট্ৰ'ল (এম ১৫) ২৮ তাৰিখে ডিগবৈৰ পৰা মুকলি কৰা হৈছিল ৷ লগতে উত্তৰ গুৱাহাটী বিপিত সফলতাৰে ১৫০ কিলোৱাট সৌৰ শক্তি প্ৰকল্প আৰম্ভ কৰা হৈছে বুলি সংবাদমেলখনত কাৰ্যবাহী পৰিচালকগৰাকীয়ে উল্লেখ কৰে ।