নতুন দিল্লী, ১৩ জুলাই: অহা ২০ জুলাই ২০২৩ তাৰিখে ভাৰত-আছিয়ান দেশসমূহৰ বাবে পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় সন্মিলনৰ আয়োজন কৰিছে ভাৰতে ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, আছিয়ানৰ ক্ষেত্ৰত ভাৰতীয় মিছন আৰু আছিয়ান সচিবালয়ৰ সহযোগত ইয়াৰ বাবে প্ৰস্তুতি পূৰ্ণোদ্যমে অব্যাহত ৰাখিছে।
এই সন্দৰ্ভত নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰে কেন্দ্ৰীয় আয়ুষ, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, "ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত বহুমাত্ৰিক সম্পৰ্ক ইয়াৰ ভৌগোলিক, ঐতিহাসিক আৰু সভ্যতা-সংস্কৃতিৰ সম্পৰ্কৰ এক শক্তিশালী ভেটিত থিয় হৈ আছে যি দুই সহস্ৰাব্দতকৈও অধিক পুৰণি।"
"২০১৪ চনৰ নৱেম্বৰত ম্যানমাৰত অনুষ্ঠিত দ্বাদশ আছিয়ান ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'এক্ট ইষ্ট পলিচী'ৰ প্ৰসংগ উল্লেখ কৰি ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ পাৰস্পৰিক তথা কৌশলগত সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছিল। প্ৰায় এক দশকৰ পাছত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত ঔষধ সম্পৰ্কীয় ভাৰত আছিয়ান সন্মিলনখন হৈছে আছিয়ান দেশবোৰৰ সৈতে ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক আৰু সহযোগিতা সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সন্মিলনখনৰ লক্ষ্য হৈছে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত সৰ্বশ্ৰেষ্ঠ পৰম্পৰাগত ঔষধ পদ্ধতিসমূহৰ আদান-প্ৰদান কৰাৰ বাবে উমৈহতীয়া মঞ্চ শক্তিশালী কৰা আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে ৰ'ডমেপ প্ৰস্তুত কৰা।" এইদৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷