অসম

assam

ETV Bharat / state

28 নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-২০ মেচ - অসম ক্ৰিকেট সন্থা

মঙলবাৰে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ ৷ খেলৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম ক্ৰিকেট সন্থা। সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় খন টি-২০ মেচ ৷

IND vs AUS 3rd T20I at Barsapara
ভাৰত-অষ্ট্ৰেলিয়াৰ T-২০ মেচ

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 7:25 PM IST

বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-২০ মেচ

গুৱাহাটী, 28 নৱেম্বৰ : আন এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম ক্ৰিকেট সন্থা ৷ মঙলবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয়খন T-২০ মেচ ৷ খেলখন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়াম ৷

মঙলবাৰে অৰ্থাৎ 29 নৱেম্বৰৰ সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাঁচখনীয়া T-20 শৃংখলাৰ তৃতীয় খন T-20 মেচ ৷ মেচখনৰ সন্দৰ্ভত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই ৷

সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ বাবে, ষ্টেডিয়ামৰ দুখন গেটক বাদ দি বাকী কেইখন গেট খেল আৰম্ভ হোৱাৰ তিনি ঘন্টাৰ পূৰ্বে খুলি দিয়া হ'ব বুলি জানিবলৈ দিছে সন্থাৰ বিষয়ববীয়াই ৷ আনহাতে গেট নং 5 আৰু 6 ত দৰ্শকৰ ভিৰ তুলনামূলকভাৱে বেছি হয় বাবে এই গেট দুখন খেল আৰম্ভ হোৱাৰ 4 ঘণ্টাৰ পূৰ্বে খুলি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে ক্ৰিকেট সন্থাৰ বিষয়ববীয়া সকলে ৷ টিকটত লিখি দিয়া নিৰ্দেশাৱলী সকলোকে ভালদৰে পঢ়ি চাবলৈ আহ্বান অসম ক্ৰিকেট সন্থাৰ ৷

ইফালে ষ্টেডিয়ামলৈ আহোতে মানি বেগ আৰু ম’বাইলৰ বাহিৰে আন কোনো সামগ্ৰী লগত আনিব নোৱাৰিব দৰ্শক সকলে৷ ষ্টেডিয়ামৰ ভিতৰলৈ কোনো সামগ্ৰী নিবলৈ দিয়া নহ'ব ৷ আনহাতে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ইতিমধ্যে মেচখনৰ বাবে মুকলি কৰি দিয়া 28 হাজাৰ টিকট বিক্ৰী হৈছে ৷ মেচখনত দৰ্শকৰ মনোৰঞ্জনৰ বাবে থাকিব ডিজে ৷

তদুপৰি লেজাৰ শ্ব' আৰু আতচবাজীৰো ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে আজি অৰ্থাৎ সোমবাৰে বিয়লি বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল দুটা ৷ হোটেল ৰেডিছন ব্লু'ত টীম ইণ্ডিয়াৰ থকাৰ ব্যৱস্থা কৰাৰ হোটেল তাজ ভিভান্টাত থাকিব টীম অষ্ট্ৰেলিয়া ৷ 28 নৱেম্বৰৰ পুৱাৰ ভাগত দুয়োটা দলে অনুশীলন কৰাৰ সম্ভাৱনা আছে বৰ্ষাপাৰাত ৷

লগতে পঢ়ক :শৃংখলাৰ তৃতীয়খন টি-20 খেলৰ বাবে গুৱাহাটীত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল

ABOUT THE AUTHOR

...view details