অসম

assam

ETV Bharat / state

Income tax raid at Athgaon : ব্যৱসায়ী জে পি আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী জে পি আগৰৱালাৰ বাসগৃহত চলিল আয়কৰ বিভাগৰ অভিযান । গুৱাহাটীৰ আঠগাঁওস্থিত ব্যৱসায়ীগৰাকীৰ বাসগৃহত আজি পুৱাৰে পৰা চলিল অভিযান । বহু নথিপত্ৰ জব্দ কৰাৰ তথ্য পোৱা গৈছে ।

Income tax raid at Athgaon
ব্যৱসায়ী জে পি আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

By

Published : Aug 9, 2022, 1:00 PM IST

গুৱাহাটী, ৯ আগষ্ট :গুৱাহাটীৰ আঠগাঁৱত চলিছে আয়কৰ বিভাগৰ অভিযান (IT raids in Guwahati)। ব্যৱসায়ী জে পি আগৰৱালাৰ বাসভৱনত পুৱাৰে পৰা আয়কৰ বিভাগে তালাচী চলায় (Income tax raid against JP Agarwal)। ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী এইগৰাকী জে পি আগৰৱালা ।

ৰাজস্থান লাইম উদ্যোগৰ মাৰ্বল, টাইলছৰ লগতে আছে গৃহ নিৰ্মাণৰ সামগ্ৰীৰ ব্যৱসায় । মহানগৰীৰ ছয়মাইল, খ্ৰীষ্টানবস্তি, বেতকুছিত আছে ৰাজস্থান লাইম উদ্যোগৰ শ্ব'ৰূম । প্ৰায় তিনি বছৰ পূৰ্বেও তেওঁৰ খ্ৰীষ্টানবস্তিৰ শ্ব'ৰূমত আয়কৰ বিভাগে অভিযান চলাইছিল আৰু জৰিমনা বিহিছিল ।

বৃহৎ পৰিমাণৰ কৰ ফাকি দিয়াৰ অভিযোগত জে পি আগৰৱালাৰ বিৰুদ্ধে অভিযান চলায় আয়কৰ বিভাগৰ দলটোৱে । জে পি আগৰৱালাক লগত লৈ পুৱা ৭ বজাৰ পৰাই তেওঁৰ বাসগৃত অভিযান চলায় আয়কৰ বিভাগে । অভিযানত বহু নথিপত্ৰ জব্দ কৰা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক :Korean cigarettes seized: গুৱাহাটী ৰে’লৱে ষ্টেচনত ATM কাৰ্ড-কোৰিয়ান চিগাৰেট জব্দ

ABOUT THE AUTHOR

...view details