অসম

assam

ETV Bharat / state

Inauguration Ceremony: অসমত বিনিয়োগ হৈছে প্ৰায় ৮ হাজাৰ কোটি টকা: বিমল বড়া - Minister Bimal Bora

শুকুৰবাৰে গুৱাহাটীৰ বামুনিমৈদামত মন্ত্ৰী বিমল বড়াই উদ্বোধন কৰে, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ(District Centre for Industrial Trade) প্ৰধান পৰিচালকৰ কাৰ্যালয়ৰ নতুন ভৱনৰ (Inauguration of new building of AIIDC and DCIT in Guwahati) । উক্ত অনুষ্ঠানতে উপস্থিত থাকি বিধায়ক অতুল বৰাই আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য ।

Inauguration of new building of AIIDC and DCIT in Guwahati
ৰাস্তা খান্দি ভালদৰে নোপোতে গেমনে: বিধায়ক অতুল বৰা

By

Published : Jun 9, 2023, 4:42 PM IST

ৰাস্তা খান্দি ভালদৰে নোপোতে গেমনে: বিধায়ক অতুল বৰা

গুৱাহাটী,৯ জুন: শুকুৰবাৰে শুভ উদ্বোধন কৰা হয় গুৱাহাটীৰ বামুনিমৈদামস্থিত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ (District Centre for Industrial Trade) প্ৰধান পৰিচালকৰ কাৰ্যালয়ৰ নতুন ভৱনৰ । এই উপলক্ষে আয়োজন কৰা মুকলি অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াই নৱ-নিৰ্মিত ভৱন দুটা আনুষ্ঠানিক ভাৱে মুকলি কৰে (Inauguration of new building of AIIDC and DCIT in Guwahati) ।

নৱ-নিৰ্মিত ভৱন দুটাৰ AIIDC ৰ গৃহটো ২ কৌটি ২২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ লগতে দুই কৌটি ৮২ লাখ টকা ব্যয় সাপেক্ষে জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালকৰ কাৰ্যালয় গৃহটো নিৰ্মান কৰা হৈছে । উক্ত অনুষ্ঠানতে উদ্যোগমন্ত্ৰী গৰাকীয়ে AIIDC (Assam Industrial Infrastructure Development Corporation) এটা নতুন প্ৰতীকিও মুকলি কৰে । শুকুৰবাৰে মুকলি কৰা এই গৃহ দুটাৰ জৰিয়তে ঔদ্যোগিক ক্ষেত্ৰখনলৈ এক নতুন বাতাবৰণ সৃষ্টি কৰাৰ লগতে বিদেশী বিনিয়োগকাৰীয়ে এটা ভাল পৰিৱেশ লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে(Minister Bimal Bora) ।

আনহাতে অসম চৰকাৰৰ কাষ্টমাইজ পলিচিৰ আধাৰত যি কোনো উদ্যোগীয়ে যদি অসমত এশ কোটিতকৈ অধিক বিনিয়োগ কৰে লগতে সেই বিনিয়োগৰ জৰিয়তে যদি প্ৰায় দুশতকৈ অধিক কৰ্মসংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম হয় তেন্তে সেইসকল উদ্যোগীয়ে নতুন উদ্যোগৰ বাবে চৰকাৰক আবেদন কৰিলে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা কাষ্টমাইজ পলিচিৰ অধীনত বিশেষ সহায় আগবঢ়াব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমত বৰ্তমান বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে । লগতে যোৱা কিছুদিনলৈ প্ৰায় ৮ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিবলৈ সক্ষম হৈছে বিভিন্ন বিনিয়োগকাৰীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ সাংসদ কুইন ওজা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীকে ধৰি নিগমৰ বহু উচ্চ পদস্থ বিষয়া কৰ্মচাৰী ।

ইফালে এই অনুষ্ঠানতে উপস্থিত থাকি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই(MLA Atul Bora) আগবঢা়ই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । ৰাস্তা খান্দি ভালদৰে নোপোতে গেমনে । এওঁলোকক জেললৈ পঠিয়াই দিব লাগিছিল, কিন্তু কাম কৰি গুছি গ'ল বুলি ক্ষোভ উজাৰিলে বিধায়কগৰাকীয়ে ।

বিদ্যুতৰ মাচুল বৃদ্ধি তথা উৎকট গৰমৰ প্ৰসংগত তেওঁ কয় যে, "মই AC ব্যৱহাৰ নকৰো, বেছি গৰমো নুঠে মোৰ । অৱশ্যে খং উঠিলেহে মোৰ গৰম উঠে । স্মাৰ্ট মিটাৰ মই ভাল পোৱা নাই এইবোৰ হ’ব নালাগিছিল । " ইয়াৰ উপৰিও এছ আই জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্য়ুৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে, জোনমণি ৰাভাৰ ঘটনাটো হত্যাকাণ্ড যেন লাগে , দুৰ্ঘটনা নহয় । জোনমনি ৰাভাৰ দুৰ্ঘটনা সংঘটিত কৰা চালক গৰাকী বৰ্তমান মুকলি আকাশৰ তলত । কিন্তু ৰয়েল গ্ল'বেল বিদ্যালয়ৰ চালক গৰাকী জেলত আছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:Governor Visits Chabua :শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভূমি পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

ABOUT THE AUTHOR

...view details