অসম

assam

ETV Bharat / state

উৎসৱ সাহিত্যক লৈ পাঠক সকলৰ মাজত হ্ৰাস পাইছে নেকি উৎকন্ঠা ! - অনুৰাধা শৰ্মা পূজাৰী

আমাৰ মাজৰ পৰা উৎসৱ সাহিত্যৰ পৰম্পৰা একেবাৰে নাইকীয়া হৈ গ'ল নেকি ? এটা কথা ন'কলেও অনুভৱ কৰিব পাৰি যে ম'বাইল, ইন্টাৰনেট সেৱাই পঢ়ুৱৈ সকলৰ মাজত ছপামাধ্যমৰ কাকত-আলোচনীৰ গুৰুত্ব কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিলে ৷ শেহতীয়াভাৱে ক'ভিড সৃষ্ট পৰিবেশৰ প্ৰভাৱতো কাকত-আলোচনী প্ৰকাশ হ্ৰাস পাবলৈ ধৰিলে ৷

impact of covid on print media
উৎসৱ সাহিত্যক লৈ পুঢ়োৱৈ সকলৰ মাজত নোহোৱা হ'ল উৎকন্ঠা

By

Published : Oct 5, 2021, 10:02 PM IST

গুৱাহাটী, 5 অক্টোবৰ :বৰ্তমান সময়ত সকলোৰে মনত সৃষ্টি হোৱা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে আমাৰ মাজৰ পৰা উৎসৱ সাহিত্যৰ পৰম্পৰা একেবাৰে নাইকীয়া হৈ গ'ল নেকি ? এটা কথা ন'কলেও সকলোৱে অনুভৱ কৰে যে ম'বাইল, ইন্টাৰনেট সেৱাই পঢ়ুৱৈ সকলৰ মাজত ছপামাধ্যমৰ কাকত-আলোচনীৰ গুৰুত্ব কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিলে ৷ শেহতীয়াভাৱে ক'ভিড সৃষ্ট পৰিবেশৰ প্ৰভাৱতো কাকত-আলোচনী প্ৰকাশ হ্ৰাস পাবলৈ ধৰিলে ৷

আমাৰ সমাজত উৎসৱ সাহিত্যৰ পৰম্পৰা বছৰ বছৰ ধৰি চলি আহিছে ৷ বিশেষকৈ বিহু বা পূজা আহিলে আমাৰ পঢ়ুৱৈ সকলে উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা আলোচনীখনলৈ খুব হেঁপাহেৰে বাট চাই ৰয় ৷ উৎসৱৰ সময়ত বাতৰি কাকত বোৰে প্ৰকাশ কৰিছিল বিশেষ সংস্কৰণ ।

উৎৱৰ প্ৰায় এমাহ আগৰ পৰা বজাৰত উপলব্ধ হৈছিল বিশেষ উৎসৱ আলোচনী সমূহ । কিন্তু ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা দুবছৰ ধৰি খুব কম সংখ্যক উৎসৱ আলোচনীহে প্ৰকাশ পাইছে ৷

লগতেল পঢ়ক:ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, দুবছৰ আগলৈকে ছপা মাধ্যম বিশেষভাৱে সক্ৰিয় হৈ আছিল ৷ তথাপিও ম'বাইল, ইন্টাৰনেট ব্যৱহাৰে কাকত আলোচনীৰ বিক্ৰীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস কৰিলে ৷ কিন্তু ইয়াৰ মাজতে ক'ভিডে ছপা মাধ্যমৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বান সৃষ্টি কৰিলে ৷ ক'ভিডৰ এই সময়ছোৱাত বিশেষকৈ ছপা মাধ্যমৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি পালে আৰু ইয়াৰ বিপৰীতে বিক্ৰীৰ সংখ্যা কমি আহিল ৷ ক'ভিডৰ সময়ছোৱাত বহু সংস্কৰণ বন্ধ হৈ পৰিল ৷

উৎসৱ সাহিত্যক লৈ পুঢ়োৱৈ সকলৰ মাজত নোহোৱা হ'ল উৎকন্ঠা

সাহিত্য সমালোচক বিপুল শৰ্মাই কয়, বিজ্ঞাপনৰ অভাৱ ছপা মাধ্যমৰ বাবে এক প্ৰত্যাহ্বান হিচাপে থিয় দিলে ৷ ইলেক্ট্ৰনিক মাধ্যম অহাৰ লগতে ছপা মাধ্যম সমূহে লাহে লাহে বিজ্ঞাপন নোপাৱা হ'ল ৷ পাঠকৰ অভাৱেও কাকত-আলোচনী প্ৰকাশৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে ৷ বিশেষকৈ ক'ভিডৰ এই সময়ছোৱাত দুই এখন উৎসৱ আলোচনীহে প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে ৷

উৎসৱ সাহিত্যক লৈ পুঢ়োৱৈ সকলৰ মাজত নোহোৱা হ'ল উৎকন্ঠা

ইফালে, পাণবজাৰৰ কল্যাণী বুক ষ্টলৰ স্বত্বাধিকাৰী হৰেণ কলিতাই কয়, পূৰ্বে উৎসৱৰ সময়ত যিধৰণে কাকত-আলোচনী বিক্ৰী হৈছিল সেয়া বৰ্তমান সময়ত আশ্চৰ্যজনকভাৱে হ্ৰাস পাবলৈ ধৰিছে ৷ বিক্ৰী হ্ৰাস পোৱাৰ ফলত এখন আলোচনী প্ৰকাশৰ হাৰ হ্ৰাস পাবলৈ ধৰিলে ৷ ক'ভিডে সৃষ্টি কৰা পৰিবেশত কাকত-আলোচনী বিক্ৰী একেবাৰে নোহোৱা হ'ল বুলি মন্তব্য প্ৰকাশ কৰিছে হৰেণ কলিতাই ৷

লগতেল পঢ়ক:ৰাইজৰ দলৰে নিসিজিল চাউল; মৰিয়নি-ভৱানীপুৰৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details