অসম

assam

By

Published : Jul 24, 2022, 3:46 PM IST

ETV Bharat / state

IAS officer died in Covid in Assam: ক’ভিড আক্রান্ত শীর্ষ আমোলা ৰাজেশ প্ৰসাদৰ মৃত্যু

ক'ভিডে প্ৰাণ ল'লে ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাৰ । দেওবাৰে ক'ভিডত আক্ৰান্ত হোৱা জ্যেষ্ঠ আই এ এছ বিষয়া তথা আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় (Excise Secretary Rajesh Prasad died in Covid)।

guwahati
IAS officer died in Covid in Assam: ক’ভিড আক্রান্ত শীর্ষ আমোলা ৰাজেশ প্ৰসাদৰ মৃত্যু

গুৱাহাটী,২৪ জুলাইঃ ক'ভিডে প্ৰাণ ল'লে ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাৰ । দেওবাৰে ক'ভিডত আক্ৰান্ত হোৱা জ্যেষ্ঠ আই এ এছ বিষয়া তথা আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ স্বাগত হাস্পতালত মৃত্যু হয়(Excise Secretary Rajesh Prasad died in Covid)। উল্লেখ্য় যে আন ৰোগত ভুগি থকা ৰাজেশ প্ৰসাদৰ ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰিছিল ।

শুকুৰবাৰে হাস্পতালত ভৰ্তি হোৱা জ্যেষ্ঠ আমোলাগৰাকী গুৰুতৰভাৱে হৃদৰোগত আক্রান্ত হোৱাৰ উপৰি যকৃতৰ ৰোগতো ভুগি আছিল । অৱশেষত তেওঁ দেওবাৰে দিনৰ ভাগত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে ১৯৯৫ চনৰ অসম-মেঘালয় কেড‍াৰ আই এ এছ বিষয়া ৰাজেশ প্ৰসাদে আৱকাৰী বিভাগৰ উপৰি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰো প্ৰধান সচিবৰ দায়িত্বত আছিল(Principal Secretary Department of Housing and Urban Affairs )। প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰিছিল কৃষি বিভাগতো ৷ ৰাজেশ প্ৰশাদৰ আকস্মিক বিয়োগত কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে গভীৰ শোক ৷ বিষয়াজনৰ অকাল বিয়োগত ৰাজ্যৰ প্ৰশাসনীয় মহলত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক:JE in Assam: GMCHত চিকিৎসাধীন হৈ আছে ৩৯ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী

For All Latest Updates

ABOUT THE AUTHOR

...view details