গুৱাহাটী,23জানুৱাৰী :পথ সুৰক্ষাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি হায়দৰাবাদৰ সাধন বুৱেন পালি নামৰ এজন যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ বাইকাৰ সাধনে হায়দৰাবাদৰ পৰা কৰ্ণাটক, তামিলনাডু, কেৰালা, পণ্ডিচেৰী, ওড়িশা, বিহাৰ,পশ্চিমবংগ, চিকিম হৈ প্ৰায় 56 দিন বাইক চলাই শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় ৷ হেলমেট পৰিধান কৰক আৰু পৰিয়ালক ৰক্ষা কৰক শ্ল'গানেৰে সাধন বুৱেন পালিয়ে বৰ্তমান পৰ্যন্ত ১৩ খন ৰাজ্যত এই সজাগতা অভিযান চলাইছে ৷
পথ সুৰক্ষাৰ বাৰ্তা লৈ গুৱাহাটীত হায়দৰাবাদৰ যুৱক - সাধন বুৱেন পালি
পথ সুৰক্ষাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি হায়দৰাবাদৰ সাধন বুৱেন পালি নামৰ এজন যুৱকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ হেলমেট পৰিধান কৰক আৰু পৰিয়ালক ৰক্ষা কৰক শ্ল'গানেৰে সাধন বুৱেন পালিয়ে পথ সুৰক্ষাৰ ওপৰত সজাগতা প্ৰচাৰ অভিযান চলাইছে ৷
পথ সুৰক্ষাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যৰে ভাৰত ভ্ৰমণ হায়দৰাবাদৰ যুৱকৰ
ইপিনে,গুৱাহাটীত উপস্থিত হোৱা যুৱকজনক অসম বাইকাৰ্ছ সন্থাৰ সদস্য অবিনাশ চৌধুৰীয়ে নিজৰ বাসগৃহত আশ্ৰয় দিয়াৰ লগতে আতিথ্য আগবঢ়ায় ৷ সাংবাদিকৰ আগত যুৱকজনে কয় যে,গুৱাহাটীৰ পৰা দেশৰ আন ১৫ খন ৰাজ্যত পথ সুৰক্ষাৰ ওপৰত সজাগতা প্ৰচাৰ অভিযান চলোৱা হ'ব ৷ তদুপৰি সাধন বুৱেন পালিয়ে নৱ প্ৰজন্মক বাইক চলোৱাৰ সময়ত হেলমেট পৰিধান কৰি নিজৰ লগতে পৰিয়ালক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
Last Updated : Jan 23, 2021, 8:32 AM IST