গুৱাহাটী, ১৪ নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান ৷ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই আৰক্ষীয়ে কৰায়ত্ত কৰে অবৈধ কাৰবাৰৰ সৈতে জড়িত ব্যক্তিক ৷ শেহতীয়াকৈ পুনৰ গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ সোণ । চৰকাৰী ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সোণখিনি । চৰকাৰী ৰে’ল আৰক্ষীয়ে অভিযান চলাই তেজস এক্সপ্ৰেছৰ পৰা জব্দ কৰে সোণখিনি । জব্দ কৰা সোণখিনিৰ পৰিমাণ ৫০০ গ্ৰাম বুলি জানিব পৰা গৈছে ৷ ৫০০ গ্ৰাম সোণৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হৈছে সোণখিনি । গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীটো হৈছে জয়পুৰৰ গুলো যাদৱ । গুলো যাদৱে সোণখিনি কঁকালত বান্ধি সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল । উল্লেখ্য যে, গুৱাহাটী ৰে’ল ষ্টেচনত ৮ অক্টোবৰত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছিল । ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১৩ খন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । ধৃত সৰবৰাহকাৰীটো আছিল মহাৰাষ্ট্ৰৰ অমৰ নাথ অশোক স্বাৱন । প্ৰাপ্ত খবৰ অনুসৰি তেওঁৰ বয়স 30 বছৰ ৷