অসম

assam

ETV Bharat / state

HSSLC ৰ ফলাফল : কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি - উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল 2021

বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক(Higher Secondary)ৰ কলা(Arts) শাখাত ৭২.২৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । এইবাৰ পৰীক্ষা নপতাকৈয়ে ঘোষণা কৰা ফলাফলত ৯৮.৯৩ শত‍‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় । ১৯ খন জিলাত উত্তীৰ্ণৰ হাৰ ৯৯ শতাংশৰো বেছি । বৃত্তিমুখী পৰীক্ষাত উত্তীৰ্ণ হাৰ ৯৭.৪১ শতাংশ ।

HS Arts stream result
কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

By

Published : Jul 31, 2021, 3:50 PM IST

গুৱাহাটী, ৩১ জুলাই: উচ্চতৰ মাধ্যমিক(Higher Secondary) চূড়ান্ত বৰ্ষৰ শনিবাৰে ঘোষিত বিকল্প মূল্যায়ন ব্যৱস্থাৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত ২০.৬৫ শতাংশ বৃদ্ধি পালে । বিগত বৰ্ষত ৭২.২৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল । এইবাৰ পৰীক্ষা নপতাকৈ ঘোষণা কৰা ফলাফলত ৯৮.৯৩ শত‍‍াংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় । শনিবাৰে ঘোষিত ফলাফলত কলা শাখাত ১,৯১,৮৫৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৮৯,৭৯৩ গৰাকী উত্তীৰ্ণ হয় ।

ইয়াৰে ৫৮,২৪৪ গৰাকীয়ে প্ৰথম বিভাগ, ৮৯,৫২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪২,০২৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় । অনুত্তীৰ্ণ হয় ২,০৬২ গৰাকী শিক্ষাৰ্থী । আনহাতে, ৰাজ্যৰ ১৯ খন জিলাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৯ শতাংশৰো বেছি । উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন হোৱা জিলাখন হৈছে চৰাইদেউ জিলা ।

কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৬.১৭ শতাংশ । সেইদৰে ছাত্র আৰু ছাত্রীৰ উত্তীৰ্ণ হাৰ প্ৰায় সমান । আনহাতে, উচ্চতৰ মাধ্যমিকৰ বৃত্তিমুখী শাখাৰ ফলাফলত উত্তীৰ্ণ হৈছে ৯৭.৪১ শতাংশ ।

এই হাৰ ২০২০ চনৰ ৯১.৫৫ শতাংশৰ বিপৰীতে প্ৰায় ৬ শতাংশ বৃদ্ধি হৈছে । এইবাৰ বৃত্তিমুখী শিক্ষাৰ মুঠ ১,০৮১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হৈছে ১০৫৩ গৰাকী । ইয়াৰে ৬১৮ গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ, ৩৮১ গৰাকীয়ে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু ৫৪ গৰাকীয়ে লাভ কৰিছে তৃতীয় বিভাগ । উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল কৰাৰ পাছত চৰকাৰে বিকল্প মূল্যায়ন ব্যৱস্থা প্ৰস্তুত কৰাৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল ।

কলা শাখাত উত্তীৰ্ণৰ হাৰ ২০.৬৫ শতাংশলৈ বৃদ্ধি

এই কমিটিখনে দিয়া প্ৰতিবেদন চৰকাৰে গ্ৰহণ কৰাৰ পাছত সেইমৰ্মে শনিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা কৰে । কমিটিখনৰ প্ৰতিবেদন আছিল এনেধৰণৰ - উচ্চতৰ মাধ্যমিকৰ বাবে কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে । উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা তিনিটা বিষয়ৰ পৰা লোৱা হ'ব ৫০ শতাংশ নম্বৰ । কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে ।

উচ্চতৰ মাধ্যমিকৰ দুটা বছৰৰ শৈক্ষিক কাৰ্য-কলাপৰ পৰা লোৱা হ'ব ১০ শতাংশ নম্বৰ । ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ'ব ৩০ শতাংশ নম্বৰ । কলা-বাণিজ্যৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰসকলৰ বাবে লোৱা হৈছে সুকীয়া পদ্ধতি ।

যিসকলৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে দুটা বছৰৰ শৈক্ষিক কাৰ্য-কলাপৰ পৰা লোৱা হ'ব ৪০ শতাংশ নম্বৰ । সেইদৰে ৯০ শতাংশৰ ভিতৰত পোৱা নম্বৰৰ লগত যোগ হ'ব ১০ শতাংশ নম্বৰ । আনহাতে, উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্টিংছন নম্বৰ ।

লগতে পঢ়ক: ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

ABOUT THE AUTHOR

...view details