7 জুলাইঃ এতিয়াৰে পৰা মহানগৰীতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যসমূহৰ জুতি ল’ব পাৰিব গুৱাহাটীবাসী ৰাইজে ৷শনিবাৰৰ পৰা পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হৈছে 'খাও গাল্লি' শীৰ্ষক খাদ্য মহোৎসৱ। প্ৰতি শণিবাৰে একোখনকৈ ৰাজ্যৰ পদপথৰ দোকানৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব গ্ৰাহকে। কলিকতাৰ বিশেষ খাদ্যৰে শুভাৰম্ভণি কৰা হয় এই মহোৎসৱৰ।
হোটেল ৰেডিচন ব্লু'ত 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ - guwahati
এতিয়াৰে পৰা মহানগৰীতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্যসমূহৰ জুতি ল’ব পাৰিব গুৱাহাটীবাসী ৰাইজে ৷শনিবাৰৰ পৰা পৰা জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হৈছে 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ।
হোটেল ৰেডিচন ব্লু'ত 'খাও গাল্লি' শীৰ্ষক মহোৎসৱ
কলিকতাৰ আটাইটকৈ চৰ্চিত জালমুৰি, ৰোল, লুচি আদি খাদ্য গ্ৰাহকৰ বাবে প্ৰস্তুত কৰা হয়। দেশৰ খাদ্যসমূহৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে পঞ্চতাৰকা যুক্ত হোটেলখনত আয়োজন কৰা হৈছে এই মহোৎসৱৰ। ইফালে অতি কম মূল্যৰ বিনিময়ত গ্ৰাহকে জুতি ল'ব পাৰিব নানা ধৰণৰ খাদ্যৰ।